গীনিজ ৱৰ্ল্ড ৰেকৰ্ডছত স্থান পালে ব্ৰেইল হেমকোষে

বিশ্ব দৰবাৰত প্ৰতিষ্ঠা হ'ল অসমীয়া ভাষা

নিউজ ডেস্ক:

বিশ্ব অভিলেখ গঢ়িলে ভাষাৰ ওজা হেমচন্দ্ৰ বৰুৱাৰ অমৰ সৃষ্টি হেমকোষৰ ব্রেইল সংস্কৰণে। বিশ্ব দৰবাৰত প্ৰতিষ্ঠা হ’ল অসমীয়া ভাষা। বিশ্বৰ সৰ্ববৃহৎ দ্বিভাষিক ব্ৰেইল অভিধান হিচাপে গীনিজ ৱৰ্ল্ড ৰেকৰ্ডছত স্থান লাভ৷ দৃষ্টিহীনসকলৰ বাবে আশাৰ বতৰা কঢ়িয়াই লাভ কৰিলে বিৰল স্বীকৃতি। প্ৰকাশক জয়ন্ত বৰুৱাক আনুষ্ঠানিক পত্ৰযোগে জনালে গীনিজ ৱৰ্ল্ড ৰেকৰ্ডছ কতৃপক্ষই।

দক্ষিণ-পূব এছিয়াৰ প্ৰথমখন পূৰ্ণাংগ ব্ৰেইল লিপিৰ অভিধান উন্মোচিত হৈছিল ১৬ ছেপ্টেম্বৰত। প্ৰাক্তন ৰাজ্যপাল জগদীশ মুখীয়ে ‘হেমকোষ’ৰ এই ব্ৰেইল লিপিৰ সংস্কৰণ উন্মোচন কৰিছিল। তাৰ পিছত সাদিন প্ৰতিদিন গোষ্ঠীৰ স্বত্বাধিকাৰ জয়ন্ত বৰুৱাই প্ৰধানমন্ত্ৰী মোদীক প্ৰদান কৰিছিল হেমকোষৰ ব্ৰেইল সংস্কৰণটো। উল্লেখ্য যে, অভিধানখনত আছে মুঠ ২১ টা খণ্ড, ৬ টা উপ-খণ্ড আৰু ৯০ হাজাৰ ৪৬০ টা শব্দ।ৰঙালীৰ বতৰত হেমকোষলৈ এই বিৰল স্বীকৃতিয়ে গৌৰৱান্বিত কৰিছে সমগ্ৰ অসমবাসীক।।

You might also like
Leave A Reply

Your email address will not be published.