সৰুপথাৰ নাওজানত নৃশংস হত্যাকাণ্ড!

নিউজ ডেস্ক

ৰুপথাৰ নাওজানত সংঘটিত হৈছে এক নৃশংস হত্যাকাণ্ড। নামঘৰৰ পৰা বন্তি জ্বলাই ঘৰলৈ আহি থকা সময়তে বিপিন শইকীয়া নামৰ এজন লোকক দাৰে ঘপিয়াই ঘপিয়াই হত্যা কৰিলে এটা দুৰ্বৃত্তই । নাওজান অঞ্চলৰ ২ নং মৰাজানৰ বিপিন শইকীয়াই সন্ধিয়া নামঘৰৰ পৰা চাকি বন্তি জ্বলাই ঘৰলৈ আহি থকা অৱস্থাতে প্ৰশান্ত বৰাই দাৰে ঘপিয়াই হত্যা কৰাৰ অভিযোগ। চিঞৰ বাখৰ শুনি পৰিয়ালৰ লোকৰ লগতে ওচৰ চুবুৰীয়াই আহি মাটিত ঢলি পৰি থকা বিপিন শইকীয়াক সৰুপথাৰ সমুহীয়া চিকিত্‍স্যালয়লৈ লৈ যায় যদিও তেওঁৰ মৃত্যু হয়। ঘটনাৰ পাছতে আৰক্ষীয়ে নিশাই প্ৰশান্ত বৰাক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। উল্লেখ্য যে ইয়াৰ পূৰ্বেও হত্যাকাৰী প্ৰশান্ত বৰাই মৃত বিপিন শইকীয়াৰ পুত্ৰক দাৰে আক্ৰমণ কৰি জেলত থাকিব লগা হৈছিল।।

You might also like
Leave A Reply

Your email address will not be published.