চিমলাত সংঘটিত হৈছে এক চাঞ্চল্যকৰ কাণ্ড!

নেচনেল ডেস্ক :

চাউপাল মহকুমাৰ অন্তৰ্গত এখন বাগিচাত উদ্ধাৰ এগৰাকী মহিলাৰ মৃতদেহ ।দুমাহ ধৰি নিৰুদ্দেশ হৈ আছিল মহিলা গৰাকী ।
আৰক্ষীয়ে জনোৱা মতে, দুমাহ পূৰ্বে স্বামীয়ে হত্যা কৰি মৃতদেহটো পেলাই দিছিল।

তথ্য অনুসৰি, মৃত মায়া নামৰ মহিলা গৰাকী আৰু তেওঁৰ স্বামী গোপাল দুটা সন্তানৰ সৈতে চৌপাল মহকুমাৰ বাইহানত বাস কৰিছিল।মহিলাগৰাকীৰ স্বামী গোপালে দুমাহ পূৰ্বে লাঠিৰে কোবাই হত্যা কৰিছিল নিজ পত্নী মায়াক ।পাৰিবাৰিক সংঘাতৰ ফলতেই এই ভয়ংকৰ ঘটনা সংঘটিত হোৱাৰ সন্দেহ ।

ঘটনা সন্দৰ্ভত আৰক্ষীয়ে অভিযুক্ত স্বামী গোপালক গ্ৰেপ্তাৰ কৰি জেৰা অব্যাহত ৰাখিছে ।

You might also like
Leave A Reply

Your email address will not be published.