মিজোৰাম আৰক্ষীৰ বৃহৎ সফল অভিযান!

আইজলত জব্দ ৫.২০৪ কেজি ক্রিষ্টাল মেথামফেটামাইন

নৰ্থ-ইষ্ট ডেস্ক:

মিজোৰাম আৰক্ষীৰ বৃহৎ সফল অভিযান। সোমবাৰে মিজোৰাম আৰক্ষীয়ে আইজলত ১০ কোটি মূল্যৰ নিষিদ্ধ ড্ৰাগছসহ গ্ৰেপ্তাৰ কৰে এগৰাকী মহিলাক।

এক গোপন সূত্ৰৰ পম খেদি আইজল জিলা বিশেষ শাখাৰ দলটোৱে এগৰাকী মহিলাৰ পৰা জব্দ কৰে ৫.২০৪ কেজি ক্রিষ্টাল মেথামফেটামাইন। ধৃত মহিলাগৰাকী ৪২ বছৰীয়া মাৰিয়া লালৰটলুয়াংগী বুলি জানিব পৰা গৈছে। ধৃত মহিলাগৰাকীৰ আইজলৰ লাইপুইটলাং অঞ্চলৰ এজন আত্মীয়ৰ বাসগৃহত অভিযান চলাই আৰক্ষীয়ে জব্দ কৰে ড্ৰাগছখিনি। ঘটনা সন্দৰ্ভত এনডিপিএছৰ অধীনত আৰক্ষীয়ে গোচৰ ৰুজু কৰিছে।।

You might also like
Leave A Reply

Your email address will not be published.