আজি কেৰেলাত মুকলি হ’ব এছিয়াৰ প্ৰথমটো ৱাটাৰ মেট্ৰ’!

 

নেচনেল ডেস্ক:

দেশবাসীৰ বাবে ঐতিহাসিক হ’ব আজিৰ এই দিনটো। কিয়নো এইবাৰ স্থলপথত নহয়, জলপথত চলিব মেট্ৰ’ ৰে’ল। এতিয়াৰে পৰা ট্ৰেকত নহয়, পানীত চলিব মেট্ৰ’। যাক ৱাটাৰ মেট্ৰ’ বুলি নামাকৰণ কৰা হৈছে। আজি কেৰালাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে উদ্বোধন কৰিব বহু প্ৰত্যাশিত এছিয়াৰ প্ৰথমটো ৱাটাৰ মেট্ৰ’। প্ৰকল্পটোত থাকিব ২৩ খন নাও আৰু ১৪টা টাৰ্মিনেল।

 

জানিব পৰা মতে, আৰম্ভণিতে দুটা পথত চলোৱা হ’ব ৱাটাৰ মেট্ৰ’। এই সেৱা সম্পূৰ্ণৰূপে হ’লে কোচিৰ চাৰিওফালে থকা ১০ টা দ্বীপ সংযোগ কৰা হ’ব, যাৰ ফলত দ্বীপ কেইটাৰ মাজত যোগাযোগ সহজ হৈ পৰিব। ৱাটাৰ মেট্ৰ’ পৰিৱেশ-অনুকূল হোৱাৰ লগতে ই বেটাৰিৰ দ্বাৰা চালিত হ’ব।

You might also like
Leave A Reply

Your email address will not be published.