নিউজ ডেস্ক:
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত শুকুৰবাৰে উদ্ধাৰ হয় এটা প্ৰাপ্তবয়স্ক ঢেকিয়াপতীয়া বাঘৰ মৃতদেহ। বিভাগীয় সূত্ৰই জনোৱা মতে, কঁহৰা ৰেঞ্জৰ মৰা ডিফ্লু নদীত ওপঙি থকা অৱস্থাত উদ্ধাৰ কৰা হৈছে মৃত বাঘটোক। বাঘটোৰ বহু ঠাইত আঘাতৰ চিন আছিল বুলি জানিব পৰা গৈছে। আন এটা বাঘৰ সৈতে হোৱা কাজিয়াৰ সময়ত আঘাতপ্ৰাপ্ত হৈ বাঘটোৰ মৃত্যু ঘটা বুলি অনুমান কৰা হৈছে।
ৰাষ্ট্ৰীয় বাঘ সংৰক্ষণ কৰ্তৃপক্ষৰ নিৰ্ধাৰিত নীতি অনুসৰি সৎকাৰ কৰা হয় মৃত বাঘটোক।।