কৃত্ৰিম ভৰিৰে মাউণ্ট এভাৰেষ্ট জয় গোৰ্খা সৈনিক হৰি বুধমাগে!

নেচনেল ডেস্কঃ

 

যুদ্ধত দুয়োখন ভৰি হেৰুওৱা এজন সাহসী প্ৰাক্তন সৈনিকে বিশ্বৰ সৰ্বোচ্চ পৰ্বতৰ শৃংগ মাউণ্ট এভাৰেষ্ট আৰোহন কৰি ইতিহাসৰ সৃষ্টি কৰিলে। এই অভিলেখ গঢ়ি তোলা ৪৩ বছৰীয়া হৰি বুধমাগে কৃত্ৰিম ভৰিৰে মাউণ্ট এভাৰেষ্টৰ শিখৰত উপনীত হোৱা বিশ্বৰ প্ৰথমজন ব্যক্তি হিচাপে পৰিগণিত হৈছে। এই তথ্য সদৰি কৰিছে নেপাল পৰ্যটন বিভাগৰ এগৰাকী জ্যেষ্ঠ বিষয়াই।
বিষয়াগৰাকীয়ে লগতে কয় যে ২০১০ চনত আফগানিস্তানত যুদ্ধৰ সময়তে ব্ৰিটিছ গোৰ্খাৰ প্ৰাক্তন সৈনিক হৰি বুধমাগে নিজৰ দুয়োখন ভৰি হেৰুৱাইছিল। শুকুৰবাৰে বিয়লি তেওঁ ৮৮৪৮.৮৬ মিটাৰ উচ্চতাৰ পৰ্বত শৃংগ মাউণ্ট এভাৰেষ্ট আৰোহন কৰি ইতিহাসত সোণালী আখৰৰে নিজৰ নাম লিখি এই অভিলেখৰ সৃষ্টি কৰিছে।।

You might also like
Leave A Reply

Your email address will not be published.