নিউজ ডেস্ক:
খোলা খালে শক্তিপীঠ কামাখ্যা মন্দিৰৰ দুৱাৰ! আজি অম্বুবাচীৰ নিবৃত্তি। মা কামাখ্যাৰ আশিস ল’বলৈ নীলাচলত লাখ লাখ ভক্তৰ সমাগম।
২২ জুনৰ নিশা ২.৩০ বাজি ৪২ ছেকেণ্ডত প্ৰবৃত্তিৰে আৰম্ভ হৈছিল অম্বুবাচীৰ মহাযোগ। আজি নিবৃত্তিৰে অন্ত পৰিল অম্বুবাচী মেলাৰ। আজি পুৱা সূৰ্যোদয়ৰ পিছত ৫ বাজি ৫ মিনিটত খোলা হ’ল কামাখ্যা মন্দিৰৰ মূল দুৱাৰ। দেৱীৰ স্নান, যথাবিহিত পূজা–অৰ্চনাৰ পিছত খোলা হ’ল মন্দিৰৰ দুৱাৰ।আজি মাৰ আশীষ বিচাৰি অগনন ভক্তৰে ভৰি পৰিছে নীলাচল পাহাৰ।।