অসমকে ধৰি উত্তৰ পূৰ্বাঞ্চলত পুনৰ প্ৰৱল বৃষ্টিপাতৰ আশংকা!

কেন্দ্ৰীয় বতৰ বিজ্ঞান কেন্দ্ৰৰ তথ্য অনুসৰি আগন্তুক ৩ দিনত দেশৰ কেইবাখনো ৰাজ্যৰ লগতে অসমতো পুনৰ প্ৰৱল বৃষ্টিপাতৰ সম্ভাৱনা

নিউজ ডেস্ক:

বিগত কিছুদিন ধৰি চুবুৰীয়া ৰাজ্য ভূটান, অৰুণাচল পাহাৰৰ পৰা নামি অহা পানীয়ে নামনি অসমৰ কেইবাখনো জিলাৰ লগতে উত্তৰ অসমৰো বিভিন্ন অঞ্চল প্লাৱিত কৰাৰ সমান্তৰালৈ ৰাজ্যত হোৱা প্ৰৱল বৃষ্টিপাতত ২২ খনকৈ জিলাত বানপানীয়ে অভাৱনীয় পৰিস্থিতিৰ সৃষ্টি কৰিছে ৷

অসমৰ বান পৰিস্থিতি কিছু পৰিমাণে উন্নত হৈছিল যদিও পুনৰ বানপানীয়ে জনজীৱন বিপৰ্যস্ত কৰাৰ সম্ভাৱনাই দেখা দিছে। কেন্দ্ৰীয় বতৰ বিজ্ঞান কেন্দ্ৰৰ তথ্য অনুসৰি আগন্তুক ৩ দিনত দেশৰ কেইবাখনো ৰাজ্যৰ লগতে অসমতো পুনৰ প্ৰৱল বৃষ্টিপাতৰ সম্ভাৱনা আছে। বতৰ বিজ্ঞান কেন্দ্ৰই সদৰি কৰা অনুসৰি আগন্তুক ৩ দিনত অসমকে ধৰি উত্তৰ পূৰ্বাঞ্চলৰ নাগালেণ্ড, মেঘালয়, অৰুণাচল প্ৰদেশ, মণিপুৰ, মিজোৰাম আৰু ছিকিমত প্ৰৱল বৃষ্টিপাতৰ সম্ভাৱনা।।

You might also like
Leave A Reply

Your email address will not be published.