ওড়িশাত ভয়ংকৰ দুৰ্ঘটনা!

ভয়ংকৰ পথ দুৰ্ঘটনাত নিহত ১০,আহত ৮ জনকৈ লোক

নেচনেল ডেস্ক:

সোমবাৰে পুৱতি নিশা ওড়িশাৰ গঞ্জাম জিলাৰ ডিগাপাহাণ্ডীৰ সমীপত ওড়িশা ৰাজ্যিক পৰিবহণ নিগমৰ এখন বাছ আৰু আন এখন ব্যক্তিগত বাছৰ মাজত হোৱা মুখামুখী সংঘৰ্ষৰ ফলত ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হয় । দুৰ্ঘটনাত ১০ গৰাকী লোকৰ মৃত্যুৰ লগতে গুৰুতৰভাৱে আহত হয় ৮ জনকৈ লোক৷
দুৰ্ঘটনাৰ পাছতেই ঘটনাস্থলীত আৰক্ষী-প্ৰশাসনৰ দল উপস্থিত হৈ আৰম্ভ কৰে উদ্ধাৰ অভিযান।ঘটনাৰ পাছতে ৰাজ্যখনৰ মুখ্যমন্ত্ৰী নবীন পাটনায়কে গভীৰ শোক প্ৰকাশ কৰাৰ লগতে মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিৰ পৰা মৃতকৰ আত্মীয়লৈ ৩ লাখকৈ টকাৰ এককালীন ক্ষতিপূৰণ ঘোষণা কৰে।তদুপৰি আহতসকলৰ বাবে বিনামূলীয়া চিকিত্‍সা সেৱাৰ কথাও ঘোষণা কৰে ৰাজ্য চৰকাৰে।।

You might also like
Leave A Reply

Your email address will not be published.