গ্ৰীচৰ দক্ষিণ উপকূলত ভয়ংকৰ নাও দুৰ্ঘটনা

শৰণাৰ্থী আৰু প্ৰব্ৰজনকাৰীক কঢ়িয়াই অনা এখন মাছ ধৰা নাও ডুব যোৱাৰ ফলত মৃত্যু হয় কমেও ৭৮ গৰাকী লোক

ইণ্টাৰনেচনেল ডেস্ক:

গ্ৰীচৰ দক্ষিণ উপকূলত ভয়ংকৰ নাও দুৰ্ঘটনা। বুধবাৰে শৰণাৰ্থী আৰু প্ৰব্ৰজনকাৰীক কঢ়িয়াই অনা এখন মাছ ধৰা নাও ডুব যোৱাৰ ফলত মৃত্যু হয় কমেও ৭৮ গৰাকী লোক। গ্ৰীচৰ উপকূলৰক্ষী বাহিনীয়ে জনোৱা মতে, পেলোপনিছ উপকূলৰ পৰা পাইলছৰ দক্ষিণ-পশ্চিমে আন্তঃৰাষ্ট্ৰীয় জলসীমাত ডুব যায় নাওখন । এতিয়াও অধিক লোক সন্ধানহীন হৈ থকাৰ আশংকা কৰা হৈছে।

ইফালে দুৰ্ঘটনাটোৰ পিছতেই উদ্ধাৰ অভিযান আৰম্ভ কৰে গ্ৰীচৰ উপকূলৰক্ষী বাহিনীয়ে। এতিয়ালৈকে প্ৰায় ১০০ লোকক উদ্ধাৰ কৰা হৈছে বুলি জানিব পৰা গৈছে। উদ্ধাৰ হোৱা ৪ গৰাকীক হাইপোথাৰ্মিয়াৰ লক্ষণ দেখা দিয়াৰ বাবে কালামতা চহৰত চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। উদ্ধাৰ হোৱা লোক সকলৰ বাবে এম্বুলেন্স সেৱা আৰু ৰাষ্ট্ৰসংঘৰ শৰণাৰ্থী সংস্থাই কাপোৰ আৰু চিকিৎসাৰ ব্যৱস্থা কৰিছে।।

You might also like
Leave A Reply

Your email address will not be published.