তীব্ৰবেগী ট্ৰাকৰ খুন্দাত মৃত্যু তিনিটাকৈ হাতীৰ পোৱালী!

অন্ধ্ৰ প্ৰদেশৰ চিত্তুৰ জিলাত বুধবাৰে নিশা সংঘটিত হয় ভয়ংকৰ পথ দুৰ্ঘটনা

নেচনেল ডেস্ক:

ন্ধ্ৰ প্ৰদেশৰ চিত্তুৰ জিলাত বুধবাৰে নিশা সংঘটিত হয় ভয়ংকৰ পথ দুৰ্ঘটনা। দুৰ্ঘটনাটোত মৃত্যু হয় তিনিটাকৈ হাতী পোৱালি।চিত্তুৰ জিলাৰ পালামনেৰু মণ্ডলত সংঘটিত হয় এই শোকাৱহ দুৰ্ঘটনা । চিত্তুৰ-পালামানেৰু ৰাষ্ট্ৰীয় ঘাইপথৰ জগামাৰলা ক্ৰছত পথ পাৰ হৈ থকা অৱস্থাত এখন তীব্ৰবেগী ট্ৰাকে খুন্দা মাৰে হাতী কেইটাক। হাতীক খুন্দা মৰাৰ পিছতে পলাতক অৱস্থাত আছে ট্ৰাক চালকজন । ইফালে খবৰ লাভ কৰাৰ লগে লগে বনবিভাগে দুৰ্ঘটনাস্থলীত উপস্থিত হৈ তদন্ত আৰম্ভ কৰে।

You might also like
Leave A Reply

Your email address will not be published.