জম্মু-কাশ্মীৰত ভাৰতীয় সেনা আৰু আৰক্ষীৰ বৃহৎ সফল যৌথ অভিযান

নিয়ন্ত্ৰণ ৰেখাত সন্ত্ৰাসবাদীৰ অনুপ্ৰৱেশৰ চেষ্টা ব্যৰ্থ কৰাৰ লগতে জব্দ কৰে বুজন পৰিমানৰ অস্ত্ৰ-শস্ত্ৰ আৰু গোলা বাৰুদ

নেচনেল ডেস্ক:

ম্মু-কাশ্মীৰত ভাৰতীয় সেনা আৰু জম্মু-কাশ্মীৰ আৰক্ষীৰ বৃহৎ সফল যৌথ অভিযান। পুঞ্চ জিলাৰ নিয়ন্ত্ৰণ ৰেখাত সন্ত্ৰাসবাদীৰ অনুপ্ৰৱেশৰ চেষ্টা ব্যৰ্থ কৰাৰ লগতে জব্দ কৰে বুজন পৰিমানৰ অস্ত্ৰ-শস্ত্ৰ আৰু গোলা বাৰুদ। বৃহস্পতিবাৰে পুঞ্চ জিলাৰ কৃষ্ণঘাটী ছেক্টৰৰ নিয়ন্ত্ৰণ ৰেখাৰ সমীপত ভাৰতীয় সেনা আৰু জম্মু-কাশ্মীৰ আৰক্ষীৰ যৌথ তালাচী অভিযানৰ সময়ত সীমাৰ সিপাৰৰ পৰা অনুপ্ৰৱেশৰ চেষ্টা চলোৱা সন্দেহযুক্ত সন্ত্ৰাসবাদীৰ গতিবিধি লক্ষ্য কৰাৰ পিছত গুলীচালনা কৰে । অভিযানত জব্দ কৰে ৯টা মেগজিন, ৪৩৮টা গুলীসহ এটা AK 74 ৰাইফল, চাৰিটা মেগজিন আৰু ৬০টা গুলীসহ দুটা পিষ্টল, ছটা হেণ্ড গ্ৰেনেড, কাপোৰ আৰু ঔষধ। খবৰটো সদৰি কৰে জম্মুস্থিত সেনাৰ পি আৰ অ’ লেফটেনেণ্ট কৰ্ণেল দেৱেন্দৰ আনন্দে।

সেনাৰ বিষয়াই জানিবলৈ দিয়া মতে, ভাৰতীয় সেনাই গুলীচালনা কৰাৰ পিছতে সন্ত্ৰাসবাদীয়ে অস্ত্ৰ-শস্ত্ৰ আৰু গোলাবাৰুদ এৰি আন্ধাৰৰ সুযোগ লৈ পলায়ন কৰিবলৈ সক্ষম হয়। অভিযানৰ সময়ত কোনো লোকক গ্ৰেপ্তাৰ কৰা হোৱা নাই বুলি জানিবলৈ দিয়ে ।।

You might also like
Leave A Reply

Your email address will not be published.