আজি ১৬ জুন

▶️খ্ৰীষ্টপূৰ্ব ৬৩২ৰ আজিৰ দিনটোতেই জোৰষ্ট্ৰিয়ান কেলেণ্ডাৰৰ প্ৰচলন। ইৰান আৰু ভাৰতৰ পাৰ্চী সমাজত এই কেলেণ্ডাৰৰ ব্যৱহাৰ বহুল।
▶️১৯২৫ চনৰ আজিৰ দিনটোতেই জাতীয়তাবাদী নেতা ‘দেশবন্ধু’ চিত্তৰঞ্জন দাসৰ মৃত্যু।
▶️১৯৪৪ চনৰ আজিৰ দিনটোতেই ৰসায়নবিদ আচাৰ্য্য প্ৰফুল্লচন্দ্ৰ ৰায়ৰ কলকাতাত মৃত্যু।
▶️১৯৬৩ চনৰ এই দিনটোতেই ৰাছিয়াৰ মহিলা মহাকাশচাৰী ভেলেণ্টিনা টেৰেছকোভাৰ মহাকাশলৈ যাত্ৰা।মহাকাশলৈ যোৱা তেঁৱেই বিশ্বৰ প্ৰথম মহিলা।
▶️১৯৭৭ চনৰ আজিৰ দিনটোতেই লিঅ’নিড ব্ৰেজনেভ ছোভিয়েট ৰাছিয়াৰ ৰাষ্ট্ৰপতি পদত অধিষ্ঠিত হৈছিল। ১৯৮২ চনলৈকে তেওঁ এই পদত কাৰ্যনিৰ্বাহ কৰিছিল।
▶️১৯৯১ চনত আজিৰ দিনটোতেই যোৰহাটৰ পৰা ইংৰাজী দৈনিক সংবাদপত্ৰ ‘দি ইষ্টাৰ্ণ ক্লেৰিয়ন’ৰ প্ৰকাশ।
▶️১৯৯৩ চনৰ আজিৰ দিনটোতেই শ্বেয়াৰ দালাল হৰ্ষদ মেহতাৰ বিস্ফোৰক অভিযোগ-তদানীন্তন প্ৰধানমন্ত্ৰী নৰসিংহ ৰাৱে ১৯৯১ চনৰ নৱেম্বৰত তেঁওৰ পৰা ১ কোটি টকা ভেটি লৈছিল। নৰসিংহ ৰাৱে এই অভিযোগ এই অভিযোগ অস্বীকাৰ কৰিছিল।
▶️২০০০ চনৰ আজিৰ দিনটোতেই অসম বিধানসভাৰ প্ৰাক্তন অধ্যক্ষ দেৱেশ চক্ৰৱৰ্তীৰ মৃত্যু।
▶️২০০১ চনৰ আজিৰ দিনটোতেই ঢাকাত আৱামী লীগৰ সভাত বোমা বিস্ফোৰণত ২২ জনৰ মৃত্যু।
▶️২০০৭ চনৰ আজিৰ দিনটোতেই ছলমান ৰুশ্বডিক ইংলেণ্ডৰ ৰাণীৰ নাইট উপাধি প্ৰদান।।

You might also like
Leave A Reply

Your email address will not be published.