কানাডাৰ মেনিটোবাৰ কাৰ্বেৰী চহৰত ভয়ংকৰ পথ দুৰ্ঘটনা!

দুৰ্ঘটনাৰ ফলত নিহত কমেও ১৫ গৰাকী লোক

ইণ্টাৰনেচনেল ডেস্ক:

কানাডাৰ মেনিটোবাৰ কাৰ্বেৰী চহৰৰ সমীপত ভয়ংকৰ পথ দুৰ্ঘটনা। এখন ছেমি ট্ৰেইলাৰ ট্ৰাক আৰু এখন যাত্ৰীবাহী বাছৰ মাজত সংঘটিত হোৱা সংঘৰ্ষৰ ফলত নিহত কমেও ১৫ গৰাকী লোক। আনহাতে গুৰুতৰভাৱে আহত হয় আন ১০ গৰাকী লোক। আহত সকলক নিকটৱৰ্তী চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়। খবৰ অনুসৰি, বাছত ২৫ গৰাকী যাত্ৰীয়ে কাৰ্বেৰীৰ এটা কেচিনোলৈ গৈ থকা অৱস্থাত সংঘটিত হয় দুৰ্ঘটনাটো। শেহতীয়াকৈ কানাডাৰ ইতিহাসৰ এইটো অন্যতম ভয়াৱহ পথ দুৰ্ঘটনা হিচাপে বিবেচিত হৈছে।।

You might also like
Leave A Reply

Your email address will not be published.