আজি ১৭ জুন

▶️আজি আইচলেণ্ডৰ ৰাষ্ট্ৰীয় দিৱস।
▶️১৭৫৬ চনৰ আজিৰ দিনটোতেই ৫০,০০০ সৈন্যৰে নবাব ছিৰাজোদ্দৌল্লাৰ কলকাতা আক্ৰমণ।
▶️১৮৬২ চনৰ এই দিনটোতেই ভাৰতৰ প্ৰাক্তন গৱৰ্ণৰ জেনেৰেল লৰ্ড কেনিঙৰ ইংলেণ্ডত মৃত্যু।
▶️১৯০৩ চনৰ আজিৰ দিনটোতেই ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ জন্ম হৈছিল।
▶️১৯২৮ চনৰ আজিৰ দিনটোতেই উৰিষ্যাৰ বিশিষ্ট জাতীয়তাবাদী নেতা গোপবন্ধু দাসৰ মৃত্যু হৈছিল।
▶️১৯৬৫ চনৰ এই দিনটোতেই লণ্ডনত নদিনীয়া কমনৱেলথ সন্মিলন আৰম্ভ।
▶️১৯৯১ চনৰ আজিৰ দিনটোতেই হাৰিয়ানা বিধানসভাৰ নিৰ্বাচনত কংগ্ৰেছৰ নিৰংকুশ সংখ্যাগৰিষ্ঠতা অৰ্জন। কেৰালা আৰু তামিলনাডুত কংগ্ৰেছ আৰু ইয়াৰ সহযোগী দলৰ সংখ্যাগৰিষ্ঠতা লাভ।
▶️১৯৯১ চনৰ এই দিনটোতেই ভাৰতৰ প্ৰথম উপ-প্ৰধানমন্ত্ৰী চৰ্দাৰ বল্লভভাই পেটেল আৰু প্ৰাক্তন প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধীলৈ মৰনোত্তৰভাৱে ভাৰতৰত্ন প্ৰদানৰ কথা ঘোষণা।
▶️২০০২ চনৰ আজিৰ দিনটোতেই বছৰজোৰা কাৰ্যসূচীৰে ৰাজ্যজুৰি জ্যোতিপ্ৰসাদ আগৰৱালাৰ জন্ম-শতবাৰ্ষিকী আৰম্ভ।।

 

You might also like
Leave A Reply

Your email address will not be published.