বেলাৰুছলৈ ৰাছিয়াৰ প্ৰথম পাৰমাণৱিক অস্ত্ৰ স্থানান্তৰ

খবৰটো নিশ্চিত কৰে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে

ইণ্টাৰনেচনেল ডেস্ক:

বেলাৰুছলৈ ৰাছিয়াৰ প্ৰথম পাৰমাণৱিক অস্ত্ৰ স্থানান্তৰ। খবৰটো নিশ্চিত কৰে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে। শুকুৰবাৰে চেণ্ট পিটাৰ্ছবাৰ্গ আন্তঃৰাষ্ট্ৰীয় অৰ্থনৈতিক মঞ্চত ৰুছ ৰাষ্ট্ৰপতি গৰাকীয়ে বাকী পাৰমাণৱিক অস্ত্ৰসমূহ গ্ৰীষ্মকালৰ শেষৰ ফালে স্থানান্তৰিত কৰা হ’ব বুলি ভাষণত উল্লেখ কৰে।

ইউক্ৰেইনৰ সীমান্তৱৰ্তী দেশখনত কৌশলগত পাৰমাণৱিক বোমা নিয়োগ কৰাৰ পৰিকল্পনাৰ অংশ হিচাপে ৰাছিয়াই গ্ৰহণ কৰিছে এই পদক্ষেপ । যুদ্ধত পাৰমাণৱিক অস্ত্ৰৰ ব্যৱহাৰৰ বিষয়ে সোধা প্ৰশ্নৰ উত্তৰত ৰাছিয়া আৰু ইয়াৰ কৌশলগত পৰাজয়ৰ বিষয়ে চিন্তা কৰা সকলোৰে বিৰুদ্ধে এইটো এটা প্ৰতিৰোধমূলক ব্যৱস্থা বুলি মন্তব্য দিয়ে ৰুছ ৰাষ্ট্ৰপতি গৰাকীয়ে। ইফালে বেলাৰুছৰ ৰাষ্ট্ৰপতি আলেকজেণ্ডাৰ লুকাচেংকোৱে ৰাছিয়াই বেলাৰুছলৈ পাৰমাণৱিক অস্ত্ৰ প্ৰেৰণ আৰম্ভ কৰা খবৰটো সুনিশ্চিত কৰিছে। এক বিশেষ প্ৰতিবেদন অনুসৰি, বেলাৰুছলৈ প্ৰেৰণ কৰিবলগীয়া কিছুমান পাৰমাণৱিক অস্ত্ৰ হিৰোচিমা আৰু নাগাছাকিৰ ওপৰত সংঘটিত হোৱা বিস্ফোৰণতকৈ তিনিগুণ শক্তিশালী বুলি অনুমান কৰা হৈছে।

উল্লেখ্য যে, যোৱা বছৰ ৰাছিয়া-ইউক্ৰেইন যুদ্ধৰ পিছত ৰাছিয়াই লোৱা পাৰমাণৱিক অস্ত্ৰৰ প্ৰথমটো কৌশলগত হস্তান্তৰকৰণ । ইউক্ৰেইনৰ সেনাবাহিনীয়ে ৰাছিয়াৰ বিৰুদ্ধে বৃহৎ পৰিসৰৰ প্ৰত্যাক্ৰমণ আৰম্ভ কৰাৰ এসপ্তাহৰ পাছতে হস্তান্তৰিত কৰা হৈছে এই পাৰমানৱিক অস্ত্ৰসমূহ । এক প্ৰতিবেদন অনুসৰি, বেলাৰুছৰ ৰাষ্ট্ৰপতি লুকাচেংকোৱে এই অস্ত্ৰসমূহ কেৱল প্ৰতিৰোধক হিচাপেহে ব্যৱহাৰ কৰিব বুলি জানিবলৈ দিয়ে। অনাগত সময়ত ইউক্ৰেইনৰ লগতে পশ্চিমীয়া দেশসমূহে ৰাছিয়াৰ এই কৌশলগত পদক্ষেপৰ কি উত্তৰ দিব,তাৰ প্ৰতি বিশ্ববাসীয়ে আগ্ৰহেৰে অপেক্ষা কৰিব।।

You might also like
Leave A Reply

Your email address will not be published.