উগাণ্ডাত সন্ত্ৰাসবাদীৰ নৰসংহাৰ!

কংগোৰ সীমান্তৰ সমীপৰ পশ্চিম উগাণ্ডাৰ এখন বিদ্যালয়ত আক্ৰমণ কৰি হত্যা কৰে কমেও ২৫ জন লোকক

ইণ্টাৰনেচনেল ডেস্ক:

গাণ্ডাত সন্ত্ৰাসবাদীৰ নৰসংহাৰ! ইছলামিক ষ্টেটৰ সৈতে জড়িত সন্ত্ৰাসবাদীয়ে কংগোৰ সীমান্তৰ সমীপৰ পশ্চিম উগাণ্ডাৰ এখন বিদ্যালয়ত আক্ৰমণ কৰি হত্যা কৰে কমেও ২৫ জন লোকক। খবৰটো উগাণ্ডা আৰক্ষীয়ে টুইট যোগে সদৰি কৰে।

আৰক্ষীয়ে জনোৱা মতে, ইছলামিক ষ্টেটৰ প্ৰতি আনুগত্য প্ৰকাশ কৰা পূব কংগোত বাহৰ পাতি থকা উগাণ্ডাৰ এলাইড ডেম’ক্ৰেটিক ফৰ্চেছ (এডিএফ)ৰ সন্ত্ৰাসবাদীয়ে শুকুৰবাৰে গভীৰ নিশা ম্পোণ্ডৱেৰ লুবিৰিৰা মাধ্যমিক বিদ্যালয়ত আক্ৰমণ চলাই ছাত্ৰাবাস জ্বলাই দিয়াৰ লগতে খাদ্য সামগ্ৰী লুটপাত কৰে। এতিয়ালৈকে বিদ্যালয়খনৰ পৰা ২৫টা মৃতদেহ উদ্ধাৰ কৰি ব্ৱেৰা হাস্পতাললৈ প্ৰেৰণ কৰে। আনহাতে আহত সকলৰ আঠজনে আৰোগ্য লাভ কৰা বুলি আৰক্ষীয়ে টুইট যোগে জানিবলৈ দিয়ে। অবশ্যে মৃতসকলৰ ভিতৰত কিমান স্কুলীয়া শিক্ষাৰ্থী আছিল সেই কথা আৰক্ষীয়ে সদৰী কৰা নাই।

ইফালে, আক্ৰমণ সংঘটিত কৰিয়েই এলাইড ডেম’ক্ৰেটিক ফৰ্চেছ (এডিএফ)ৰ সন্ত্ৰাসবাদীয়ে কংগো গণৰাজ্যৰ ভিৰুংগা ৰাষ্ট্ৰীয় উদ্যানৰ ফালে পলায়ন কৰে। সন্ত্ৰাসবাদীসকলক বিছাৰি অভিযান অব্যাহত ৰাখিছে উগাণ্ডাৰ সেনাই।।

You might also like
Leave A Reply

Your email address will not be published.