জাল নোটৰ বিৰুদ্ধে মেঘালয় আৰক্ষীৰ বৃহৎ সফলতা

১০ লাখতকৈ অধিক টকাৰ জাল নোটসহ আটক দুই সৰবৰাহকাৰী

নৰ্থ-ইষ্ট ডেস্ক:

জাল নোটৰ বিৰুদ্ধে মেঘালয় আৰক্ষীৰ বৃহৎ সফলতা। ১০ লাখতকৈ অধিক টকাৰ জাল নোটসহ আটক দুই সৰবৰাহকাৰী।

খবৰ মতে, মেঘালয় আৰক্ষীয়ে ১০.৩৫ লাখ টকাৰ ভাৰতীয় মুদ্ৰাৰ জাল নোট জব্দ কৰাৰ লগতে আটক কৰে ইয়াৰ সৈতে জড়িত দুটাকৈ সৰবৰাহকাৰীক। এক গোপন সূত্ৰৰ পম খেদি বাজেংডোবাৰ ওচৰত তালাচী চলাই জব্দ কৰে এই বৃহৎ পৰিমানৰ জাল নোট। তালাচীৰ পিছত আৰক্ষীয়ে দুই অভিযুক্তৰ পৰা জব্দ কৰে ৫০০ টকীয়া নকল নোটৰ একাধিক বাণ্ডিল ।

ঘটনা সন্দৰ্ভত আৰক্ষীয়ে ৰুজু কৰিছে এটা গোচৰ। জাল নোটৰ এই চক্ৰত অধিক লোক জড়িত থকাৰ সন্দেহত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।।

You might also like
Leave A Reply

Your email address will not be published.