ছত্তীশগড়ৰ কাংকেৰ জিলাত কোৰাৰ গাঁৱত বৃহস্পতিবাৰে বিয়লি শোকাৱহ দুৰ্ঘটনা। দুৰ্ঘটনাত মৃত্যু ৭ জনকৈ স্কুলীয়া ছাত্ৰ। থিতাতে ৫টা শিশুৰ মৃত্যু হোৱাৰ বিপৰীতে চিকিৎসালয়ত চিকিৎসাধীন হৈ থকা অৱস্থাত মৃত্যু হয় আন দুটা শিশুৰ। দুৰ্ঘটনাত অটো চালকৰ লগতে গুৰুতৰভাৱে আহত দুজন। মৃত ছাত্ৰকেইজনৰ বয়স চাৰিৰ পৰা আঠ বছৰ বয়সৰ ভিতৰত। অটোৰিক্সাখন নিয়ন্ত্ৰণ হেৰুৱাই বিপৰীত দিশৰ পৰা আহি থকা ট্ৰাকৰ সৈতে মুখামুখি সংঘৰ্ষৰ ফলত সংঘটিত হয় এই দুৰ্ঘটনা। দুৰ্ঘটনাত আহত অটো চালক আৰু এজন ছাত্ৰক ততাতৈয়াকৈ ৰায়পুৰৰ চিকিৎসালয়লৈ লৈ যোৱা হয়। আনহাতে মৃত সাতটি শিশুক মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে।।
