ছত্তীশগড়ত ভয়াৱহ পথ দুৰ্ঘটনা!

নেচনেল ডেস্ক:

ত্তীশগড়ৰ বালোদ জিলাত ভয়াৱহ পথ দুৰ্ঘটনা। মঙলবাৰে গভীৰ নিশা গুণ্ডাৰদেহী থানাৰ সীমাৰ অন্তৰ্গত খাপ্পাৰৱাড়া গাঁৱৰ সমীপত সংঘটিত হয় এই দুৰ্ঘটনা। দুৰ্ঘটনাত এগৰাকী মহিলাসহ চাৰিগৰাকী লোক নিহত। ৰাজধানী ৰায়পুৰৰ পৰা বালোদ অভিমুখে গৈ থকা অৱস্থাত তেওঁলোকে যাতায়ত কৰা গাড়ীখনে বিপৰীত দিশৰ পৰা এখন লোহা কঢ়িওৱা ট্ৰাকৰ সৈতে হোৱা মুখামুখি সংঘৰ্ষৰ ফলত সংঘটিত হয় এই দুৰ্ঘটনা।

ইফালে আৰক্ষীৰ এটা দলে ততাতৈয়াকৈ ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহসমূহ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে । ঘটনা সন্দৰ্ভত গোচৰ ৰুজু কৰা হৈছে বুলি আৰক্ষী সূত্ৰে প্ৰকাশ। দুৰ্ঘটনা সংঘটিত কৰিয়ে পলায়ন কৰা ট্ৰাক চালকজনৰ সন্ধান উলিয়াবলৈ চেষ্টা অব্যাহত আছে।।

You might also like
Leave A Reply

Your email address will not be published.