ডি আৰ আইৰ অভিযানত ১০১.৭ কেজি সোণ উদ্ধাৰ!

ডি আৰ আইৰ অভিযানত ১০১.৭ কেজি সোণ উদ্ধাৰ!

নেশ্যনেল ডেস্ক:

দেশক প্ৰতাৰণা কৰি বিদেশত সোণৰ যোগান ধৰা চুডানৰ ছিণ্ডিকেট ডি আৰ আইয়ে বন্ধ কৰি দিছে । ডি আৰ আইৰ (Directorate of Revenue Intelligence) দ্বাৰা পৰিচালিত বিশেষ অভিযান ‘অপাৰেচন গোল্ড ড’নত প্ৰায় ৫১ কোটি টকাৰ ১০১.৭ কেজি সোণ উদ্ধাৰ কৰা হৈছে। ডি আৰ আইৰ জালত পৰা ১০ সৰবৰাহকাৰীৰ ভিতৰত ৭ সৰবৰাহকাৰী চুডানৰ নাগৰিক। আনহাতে তিনিজন ভাৰতীয় জড়িত হৈ আছে। বিহাৰৰ পাটনা আৰু মহাৰাষ্ট্ৰৰ দুখন চহৰত এই অভিযান চলাইছিল ডি আৰ আইয়ে। এই সন্দৰ্ভত বৰ্তমানেও অহা নাই ডি আৰ আইৰ বক্তব্য।

উল্লেখ্য যে, ৰাজহ চোৰাংচোৱা সঞ্চালকালয়ৰ অপাৰেচন গোল্ড ড’ন পান ইণ্ডিয়াৰ অধীনত গ্ৰহণ কৰা ব্যৱস্থাত এক বৃহত্‍ তথ্য পোহৰলৈ আহিছে। পুনে, পাটনাত এই অভিযান চলোৱা হৈছিল। ভাৰত-নেপাল সীমান্তৰে পাটনালৈ আহিছিল সৰবৰাহকাৰী। তাৰ পিচত বিমান আৰু ৰে’লৰ জৰিয়তে সৰবৰাহ কৰিছিল সোনখিনি। ৩৭ কেজি সোণৰ পেষ্টসহ পাটনাত আটক ৩ চুডানৰ নাগৰিক। এই সৰবৰাহকাৰীসকলে পাটনা জংচনৰ পৰা মুম্বাইলৈ যোৱা ৰে’লখন ধৰিবলৈ ওলাওঁতেই দৃষ্টিগোচৰ হয় ডি আৰ আইৰ। সৰবৰাহকাৰীৰ পৰা ৪০ টা পেকেটত ৩৭ কেজি সোণৰ পেষ্ট উদ্ধাৰ কৰা হৈছে। ৭৪ লাখ বিদেশী মুদ্ৰা আৰু ৬৩ লাখ ভাৰতীয় মুদ্ৰাও উদ্ধাৰ কৰা হৈছে। এই ঘটনাক লৈ সমগ্ৰ দেশতে আলোড়নৰ সৃষ্টি হৈছে। এই পৰ্যন্ত চলোৱা অভিযানত উদ্ধাৰ হৈছে ১০১.৭ কেজি সোণ।

পূৰ্বে এই সৰবৰাহকাৰীসকলে ভাৰত-নেপাল সীমান্তত সোণ লৈ সহজে প্ৰৱেশ কৰিছিল। এই গোচৰত মুঠ ১০ জন লোকক গ্ৰেপ্তাৰ কৰা হৈছে। এওঁলোকৰ ৭ জন চুডানৰ নাগৰিক। ইয়াৰে ৩ জনক গ্ৰেপ্তাৰ কৰা হৈছে পাটনাত। বাকী বিদেশী সৰবৰাহকাৰী কেইজনক বিভিন্ন স্থানৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছে।।

You might also like
Leave A Reply

Your email address will not be published.