আজি ২২ ফেব্ৰুৱাৰী

▶️আজি চিন্তন দিৱস।
▶️১৫১২ চনৰ আজিৰ দিনটোতেই ইটালীৰ নাৱিক, অভিযাত্ৰী আমেৰিগো ভেছপুচিৰ মৃত্যু হৈছিল।
▶️১৭৩২ চনৰ এই দিনটোতেই আমেৰিকাৰ প্ৰথম ৰাষ্ট্ৰপতি জৰ্জ ৱাশ্বিংটনৰ জন্ম হৈছিল।
▶️১৮৫৭ চনৰ এই দিনটোতেই বয় স্কাউট আন্দোলনৰ জন্মদাতা ৰবাৰ্ট বেডেন পাৱেলৰ জন্ম হৈছিল।
▶️১৮৮৫ চনৰ এই দিনটোতেই কবি মহম্মদ ইকবালৰ জন্ম হৈছিল।
▶️১৯০৬ বিশিষ্ট কবি,শিক্ষাবিদ হুমায়ুন কবীৰৰ জন্ম হৈছিল।
▶️১৯১৪ চনৰ আজিৰ দিনটোতেই কবি,ৰাজনীতিবিদ দেৱকান্ত বৰুৱাৰ জন্ম হৈছিল।
▶️১৯৪৪ চনৰ আজিৰ দিনটোতেই মহাত্মা গান্ধীৰ পত্নী কস্তুৰবা গান্ধীৰ মৃত্যু হৈছিল।
▶️১৯৫৮ চনৰ এই দিনটোতেই মৌলানা আব্দুল কালাম আজাদৰ মৃত্যু হৈছিল।
▶️১৯৯৪ চনৰ আজিৰ দিনটোতেই ধ্বনিকবি বিনন্দ চন্দ্ৰ বৰুৱাৰ মৃত্যু হৈছিল।
▶️১৯৯৬ চনৰ আজিৰ দিনটোতেই জাৰ্মান বিজ্ঞানীৰ এটা দলে এক নতুন মৌলিক পদাৰ্থৰ আৱিষ্কাৰৰ কথা ঘোষণা কৰে।১১২ নং এই মৌলিক পদাৰ্থ জিংক,কেডমিয়াম আৰু পাৰাতকৈ গধুৰ।
▶️২০০৫ চনৰ আজিৰ দিনটোতেই ইৰানত ভয়ংকৰ ভূমিকম্পত সহস্ৰাধিক লোকৰ মৃত্যু ঘটিছিল।।

 

You might also like
Leave A Reply

Your email address will not be published.