টিউনিছিয়াত জৰুৰীকালীন অৱস্থা ঘোষণা। শুকুৰবাৰে টিউনিছিয়াৰ ৰাষ্ট্ৰপতি কাইছ ছাইদে সমগ্ৰ দেশতে জাৰি কৰে জৰুৰীকালীন অৱস্থা। ৰাষ্ট্ৰপতি ছাইদে ২০২৩ চনৰ ১ জানুৱাৰীৰ পৰা ২০২৩ চনৰ ৩০ জানুৱাৰীলৈকে সমগ্ৰ গণৰাজ্যখনৰ ভূখণ্ডত এমাহৰ বাবে জৰুৰীকালীন অৱস্থা বৃদ্ধি কৰাৰ ঘোষণা কৰে।উল্লেখ্য যে, টিউনিছিয়াত প্ৰথমবাৰৰ বাবে ২০১৫ চনৰ ২৪ নৱেম্বৰত ৰাষ্ট্ৰপতিৰ নিৰাপত্তাৰক্ষীৰ কনভয়ত ৰক্তাক্ত বোমা আক্ৰমণৰ পিছতে জাৰি কৰিছিল জৰুৰীকালীন অৱস্থা। আক্ৰমণত মৃত্যু হৈছিল ১২ জন নিৰাপত্তাৰক্ষীৰ ।।
