আজি ১ জানুৱাৰী

▶️আজি ইংৰাজী কেলেণ্ডাৰৰ প্ৰথম দিন।
▶️আজি কিউবাৰ মুক্তি দিৱস।
▶️আজি ছুডানৰ স্বাধীনতা দিৱস।
▶️আজি পেলেষ্টাইনৰ বিপ্লৱ দিৱস।
▶️আজি জনতাৰ দিন।
▶️১৩৯৯ চনৰ এই দিনটোতেই তুৰ্কী অভিযানকাৰী টাইমূৰৰ ‘ভাৰত সম্ৰাট’ উপাধি গ্ৰহণ। দিল্লীৰ পৰা প্ৰত্যাৱৰ্তন।
▶️১৭৮৮ চনৰ আজিৰ দিনটোতেই লণ্ডনৰ পৰা প্ৰসিদ্ধ ‘দি টাইমছ’ পত্ৰিকাৰ প্ৰকাশ আৰম্ভ।
▶️১৮৪৬ চনৰ আজিৰ দিনটোতেই শিৱসাগৰৰ পৰা অসমৰ প্ৰথমখন সংবাদ পত্ৰ ‘অৰুনোদই’ৰ প্ৰকাশ। কাকতখনৰ প্ৰথম সম্পাদক আছিল ডঃ নাথান ব্ৰাউন।
▶️১৮৬২ চনৰ এই দিনটোতেই ভাৰতীয় দণ্ডবিধিৰ প্ৰৱৰ্তন। এইখন আইনৰে ৩০২ ধাৰাত দোষী অপৰাধীক মৃত্যুদণ্ড দিয়াৰ বিধান সন্নিৱিষ্ট কৰা হয়।
▶️১৮৭৭ চনৰ আজিৰ দিনটোতেই ১৮৭৬ চনৰ ৩ এপ্ৰিলত ব্ৰিটিছ সংসদত গৃহীত এক আইন অনুসৰি ৰাণী ভিক্টোৰিয়া ভাৰতৰ সম্ৰাজ্ঞী হৈছিল।
▶️১৮৮০ চনৰ এই দিনটোতেই ভাৰতত মানী অৰ্ডাৰ ব্যৱস্থা প্ৰৱৰ্তন হৈছিল।
▶️১৮৮৪ চনৰ এই দিনটোতেই বিজ্ঞানী সত্যেন্দ্ৰনাথ বসুৰ জন্ম হৈছিল।
▶️১৮৮৬ চনৰ আজিৰ দিনটোতেই আমেৰিকান বেপ্টিষ্ট মিছনেৰী নাথান ব্ৰাউনৰ মৃত্যু হৈছিল।
▶️১৯০৩ চনৰ এই দিনটোতেই ৰজা সপ্তম এডৱাৰ্ড ভাৰতৰ সম্ৰাট ৰূপে অধিস্থিত হৈছিল।
▶️১৯১৪ চনৰ এই দিনটোতেই ৰাজনীতিবিদ, অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী শৰৎ চন্দ্ৰ সিংহৰ জন্ম হৈছিল। তেওঁৰ জন্মদিনটো অসমত ‘জনতাৰ দিন’ ৰূপে পালন কৰা হয়।
▶️১৯৩১ চনৰ এই দিনটোতেই ৰাছিয়াৰ প্ৰাক্তন ৰাষ্ট্ৰপতি বৰিছ য়েল্টছিনৰ জন্ম হৈছিল।
▶️১৯৫৯ চনৰ এই দিনটোতেই বিপ্লৱী ফিডেল কাষ্ট্ৰোৰ নেতৃত্বত কিউবাত সামৰিক অভ্যুত্থান।দেশখনত কমিউনিষ্ট শাসন প্ৰতিষ্ঠা।
▶️১৯৬১ চনৰ এই দিনটোতেই ভাৰতীয় সাৰ নিগম প্ৰতিষ্ঠা হৈছিল।
▶️১৯৬৬ চনৰ এই দিনটোতেই নামৰূপত অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰথমটো সাৰ কাৰখানাৰ আধাৰশিলা স্থাপন। নামৰূপ সাৰ কাৰখানাৰ ব্যৱসায়ীক উৎপাদনো আৰম্ভ হৈছিল আজিৰ দিনটোতেই।
▶️১৯৭৩ চনৰ আজিৰ দিনটোতেই ভাৰতত সাধাৰণ বীমা ৰাষ্ট্ৰীয়কৰণ।
▶️১৯৭৪ চনৰ আজিৰ দিনটোতেই কাজিৰঙাই ৰাষ্ট্ৰীয় উদ্যানৰ স্বীকৃতি লাভ কৰিছিল।
▶️১৯৭৮ চনৰ আজিৰ দিনটোতেই ভাৰতীয় বিমান ‘সম্ৰাট অশোক’ মুম্বাইৰ ওচৰৰ আৰব সাগৰৰ ওপৰত দূৰ্ঘটনাত পতিত হৈ ২১৩ গৰাকী যাত্ৰীৰ মৃত্যু হৈছিল।
▶️১৯৮৮ চনৰ আজিৰ দিনটোতেই চন্দ্ৰপ্ৰসাদ শইকীয়াৰ সম্পাদনাত অসমীয়া দৈনিক বাতৰি কাকত ‘নতুন দৈনিক’ৰ প্ৰস্তাৱনা সংখ্যা প্ৰকাশ পাইছিল।
▶️১৯৮৮ চনৰ আজিৰ দিনটোতেই অৱসৰ গ্ৰহণৰ মাত্ৰ কেইঘন্টামানৰ আগেয়ে পাটনা উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ ৰূপে বি পি ঝাৰ শপতগ্ৰহণ।
▶️১৯৮৮ চনৰ এই দিনটোতেই শান্তনু তামুলীৰ সম্পাদনাত যোৰহাটৰ পৰা বিজ্ঞান আলোচনী ‘নতুন আৱিষ্কাৰ’ প্ৰকাশ পাইছিল।
▶️১৯৯০ চনৰ এই দিনটোতেই পেছাদাৰী পুৰুষৰ সমগ্ৰ বিশ্বৰ প্ৰত্যেকখন টেনিছ প্ৰতিযোগিতাৰ নিয়ন্ত্ৰক সংস্থা এ টি পি(Association of Tennis Professionals)ৰ গঠন।
▶️১৯৯১ চনৰ এই দিনটোতেই পৃথিৱীৰ ধীৰ গতিৰ বাবে ১৯৯০ চনৰ শেষ মিনিট ৬০ৰ পৰিৱৰ্তে ৬১ ছেকেণ্ড হয়।অৰ্থাৎ ১৯৯১ চনৰ প্ৰথম দিনটো এক ছেকেণ্ড পলমকৈ আৰম্ভ হয়।
▶️১৯৯৫ চনৰ এই দিনটোতেই বিশ্ব বানিজ্য সংস্থাৰ প্ৰতিষ্ঠা লাভ।
▶️১৯৯৭ চনৰ আজিৰ দিনটোতেই ভাৰত-বাংলা চুক্তিৰ পাছত বাংলাদেশলৈ ফাৰাক্কাৰ পানী মুকলি।মুকলি কৰা হৈছিল ৭৫ খন শ্লুইছ গেট।
▶️১৯৯৯ চনৰ আজিৰ দিনটোতেই ইউৰোপৰ ১১ খন দেশৰ উমৈহতীয়া মুদ্ৰা ‘ইউৰো’ৰ প্ৰচলন আৰম্ভ। অৱশ্যে ২০০২ চনৰ ১ জানুৱাৰীৰ পৰাহে এই মুদ্ৰা জনসাধাৰণৰ হাতলৈ আহে।
▶️২০০০ চনৰ এই দিনটোতেই পানামা খালৰ ওপৰত পানামাৰ একচেটিয়া অধিকাৰ লাভ।
▶️২০০২ চনৰ এই দিনটোতেই সমগ্ৰ ইউৰোপতে ৰাজহুৱাভাৱে নতুন মুদ্ৰা ‘ইউৰো’ৰ প্ৰচলন।
▶️২০০৩ চনৰ এই দিনটোতেই নিউজিলেণ্ডৰ বিৰুদ্ধে তৃতীয়খন এদিনীয়াত ভাৰত ৫ উইকেটত পৰাস্ত হৈছিল।
▶️২০০৩ চনৰ আজিৰ দিনটোতেই মনোজ কুমাৰ গোস্বামীৰ সম্পাদনাত অসমীয়া দৈনিক বাতৰি কাকত ‘দৈনিক জনসাধাৰণ’ প্ৰকাশ পাইছিল।
▶️২০০৪ চনৰ এই দিনটোতেই গুৱাহাটীত ৰাইনো চিটিবাছ সেৱাৰ আৰম্ভ হৈছিল।
▶️২০০৫ চনৰ এই দিনটোতেই অসম চৰকাৰৰ কৰ্মচাৰীৰ অৱসৰৰ বয়স ৫৮ বছৰৰ পৰা ৫৯ বছৰলৈ বৃদ্ধি কৰা হৈছিল।
▶️২০০৫ চনৰ এই দিনটোতেই মুকলি হৈছিল গুৱাহাটীৰ আঠগাঁৱৰ ফ্লাই অভাৰ।।

You might also like
Leave A Reply

Your email address will not be published.