আজি ৩১ ডিচেম্বৰ

▶️আজি ইংৰাজী কেলেণ্ডাৰৰ অন্তিম দিন।
▶️১৫৯৯ চনৰ আজিৰ দিনটোতেই পূব, দক্ষিণ-পূব এছিয়া আৰু ভাৰতৰ বিভিন্ন অঞ্চলত বেহা-বেপাৰ কৰাৰ উদ্দেশ্যে ইংলেণ্ডত গঠন কৰা যুটীয়া মূলধনৰ ব্যৱসায়ীক কোম্পানী ইষ্ট ইণ্ডিয়া কোম্পানীক ইংলেণ্ডৰ ৰাণীয়ে উল্লিখিত অঞ্চলত ব্যৱসায়ৰ একচেটীয়া অধিকাৰ প্ৰদান কৰিছিল।
▶️১৯০৭ চনৰ এই দিনটোতেই বকুলবনৰ কবি আনন্দ চন্দ্ৰ বৰুৱাৰ জন্ম হৈছিল।
▶️১৯২৯ চনৰ আজিৰ দিনটোতেই স্বৰাজ, অৰ্থাৎ পূৰ্ণ স্বাধীনতাৰ বাবে মহাত্মা গান্ধীৰ নেতৃত্বত লাহোৰত কংগ্ৰেছৰ শপতগ্ৰহণ।
▶️১৯৮৪ চনৰ আজিৰ দিনটোতেই ভাৰতৰ প্ৰধানমন্ত্ৰী হৈছিল ৰাজীৱ গান্ধী।
▶️১৯৯০ চনৰ এই দিনটোতেই পৃথিৱীৰ মন্থৰ গতিৰ বাবে ১৯৯০ চনৰ অন্তিমটো মিনিট ৬০ৰ পৰিৱৰ্তে ৬১ ছেকেণ্ড হয়।অৰ্থাৎ ১৯৯১ চন আৰম্ভ হয় এক ছেকেণ্ড পলমকৈ।
▶️১৯৯৭ চনৰ আজিৰ দিনটোতেই প্ৰখ্যাত কবি-সাহিত্যিক নীলমণি ফুকনলৈ অসম উপত্যকা সাহিত্য বঁটা আগবঢ়োৱা হৈছিল।
▶️১৯৯৮ চনৰ এই দিনটোতেই সাহিত্যিক মহিম বৰালৈ অসম উপত্যকা সাহিত্য বঁটা আগবঢ়োৱা হৈছিল।
▶️২০০০ চনৰ এই দিনটোতেই বিশিষ্ট কবি হীৰেন ভট্টাচাৰ্যলৈ অসম উপত্যকা সাহিত্য বঁটা আগবঢ়োৱা হৈছিল।
▶️২০০২ চনৰ আজিৰ দিনটোতেই বিশিষ্ট সাহিত্যিক তথা সাংবাদিক চন্দ্ৰপ্ৰসাদ শইকীয়ালৈ অসম উপত্যকা সাহিত্য বঁটা আগবঢ়োৱা হৈছিল।
▶️২০০২ চনৰ এই দিনটোতেই জ্ঞানপীঠ বঁটা বিজয়ী মামণি ৰয়ছম গোস্বামীলৈ আহোম ৰাজচ’ৰাৰ জয়মতী বঁটা ঘোষণা।
▶️২০০৪ চনৰ আজিৰ দিনটোতেই সাহিত্যিক লক্ষ্মীনন্দন বৰালৈ অসম উপত্যকা সাহিত্য বঁটা আগবঢ়োৱা হৈছিল।।

 

You might also like
Leave A Reply

Your email address will not be published.