ঢেকিয়াখোৱা বৰনামঘৰৰ অক্ষয় বন্তিলৈ বিৰল স্বীকৃতি!

নিউজ ডেস্ক

 

সমৰ ধৰ্মীয় পীঠসমূহৰ ভিতৰত অন্যতম ঐতিহাসিক পীঠ হৈছে ঢেকীয়াখোৱা বৰনামঘৰ । সুদীৰ্ঘ ৪৯৪ বছৰ ধৰি ঢেকীয়াখোৱা বৰনামঘৰত জ্বলি আছে এগছি অক্ষয় বন্তি । বন্তিগছি প্ৰজ্বলন কৰা দিনৰ পৰা আজি পৰ্যন্ত প্ৰজ্বলিত হৈ থকাৰ বাবে এই বন্তিগছিক সকলোৱে অক্ষয় বন্তি বুলি অভিহিত কৰে ৷ ঢেকীয়াখোৱা বৰনামঘৰ প্ৰতিষ্ঠা কৰাৰ সময়ত মহাপুৰুষ মাধৱদেৱে জ্বলাইছিল বন্তিগছি । ধৰ্মপ্ৰাণ ৰাইজে এতিয়াও জ্বলাই ৰাখিছে বন্তিগছি । এই বন্তিগছিকে এছিয়া বুক অফ ৰেকৰ্ডছ আৰু ইণ্ডিয়া বুক অফ ৰেকৰ্ডছে “দীৰ্ঘতম সময়ৰ প্ৰজ্বলিত বন্তি ” ৰূপে স্বীকৃতি প্ৰদান কৰিছে। উল্লেখযোগ্য যে এই স্বীকৃতিৰ পাছতে বন্তিগছি এতিয়া ৰূপৰ পাত্ৰত অত্যাধুনিক কাৰিকৰী কৌশল অৱলম্বন কৰি নামঘৰ পৰিচালনা সমিতিয়ে মূল মণিকূটত সংৰক্ষণৰ ব্যৱস্থা কৰিছে ।।

You might also like
Leave A Reply

Your email address will not be published.