য়েমেনৰ উত্তৰ-পূবৰ তেল সমৃদ্ধ প্ৰদেশ মাৰিবত ভয়ংকৰ গোষ্ঠীগত সংঘৰ্ষ।

ইণ্টাৰনেচনেল ডেস্ক:

য়েমেনৰ উত্তৰ-পূবৰ তেল সমৃদ্ধ প্ৰদেশ মাৰিবত ভয়ংকৰ গোষ্ঠীগত সংঘৰ্ষ। মাৰিবৰ আল ৱাডি জিলাৰ আল মুনিফ আৰু আল ফাহিহ জনগোষ্ঠীৰ মাজত সৃষ্টি হয় এই তীব্ৰ সংঘৰ্ষ । সংঘৰ্ষত কমেও ৮ জন লোক নিহত হোৱাৰ বিপৰীতে আহত হয় ১৫ জন লোক। সূত্ৰ মতে, দুয়োটা জনগোষ্ঠীৰ মাজত ভূমিৰ মালিকীস্বত্বক লৈ হোৱা বিবাদৰ বাবেই সৃষ্টি হয় এই সংঘৰ্ষ। শুকুৰবাৰে নিশা যুদ্ধবিৰতিৰ পিছতো দুয়োপক্ষই মাৰিবৰ বিভিন্ন অঞ্চলত সশস্ত্ৰ বাহিনী মোতায়েন কৰাৰ বাবে এতিয়াও অব্যাহত আছে উত্তেজনা ।

উল্লেখ্য যে, য়েমেনৰ আটাইতকৈ গুৰুত্বপূৰ্ণ তেল আৰু গেছ ক্ষেত্ৰ থকা মাৰিব প্ৰদেশখন য়েমেনৰ আন্তঃৰাষ্ট্ৰীয় স্বীকৃতিপ্ৰাপ্ত চৰকাৰৰ নিয়ন্ত্ৰণত আছে। শেহতীয়া বছৰবোৰত প্ৰদেশখনত চৰকাৰী বাহিনী আৰু হাউথীৰ মাজত প্ৰায়ে সংঘটিত হৈ আহিছে তীব্ৰ সংঘাত।।

You might also like
Leave A Reply

Your email address will not be published.