▶️আজি কেমেৰুনৰ স্বাধীনতা দিৱস।
▶️আজি পূৱ টিমোৰৰ স্বাধীনতা দিৱস।
▶️৫২৬ খ্ৰীষ্টাব্দৰ আজিৰ দিনটোতেই ছিৰিয়াত প্ৰৱল ভূমিকম্পৰ ফলত আঢ়ৈ লাখ লোকৰ মৃত্যু ঘটিছিল।
▶️১৩৭৮ চনৰ আজিৰ দিনটোতেই বাহমনি ৰাজ্যৰ চুলতান ডাউদ শ্বাহৰ মৃত্যু ঘটিছিল।
▶️১৪৭১ চনৰ এই দিনটোতেই ইংলেণ্ডৰ ৰজা ষষ্ঠ হেনৰীৰ মৃত্যু হৈছিল।
▶️১৫০৮ চনৰ আজিৰ দিনটোতেই নাৱিক আৰু ভৌগোলিক আৱিষ্কাৰক খ্ৰীষ্টফাৰ কলম্বাছৰ স্পেইনত মৃত্যু ঘটিছিল।
▶️১৭৯৯ চনৰ আজিৰ দিনটোতেই ফৰাচী ঔপন্যাসিক বালজাকৰ ফ্ৰান্সৰ টুৰছত জন্ম হৈছিল।
▶️১৮০৬ চনৰ আজিৰ দিনটোতেই ইংৰাজ দাৰ্শনিক আৰু অৰ্থনীতিবিদ জন ষ্টুৱাৰ্ট মিলৰ লণ্ডনত জন্ম হৈছিল।
▶️১৮৬৭ চনৰ আজিৰ দিনটোতেই লণ্ডনৰ প্ৰসিদ্ধ ৰয়েল এলবাৰ্ট হলৰ আধাৰশিলা স্থাপন।
▶️১৮৭৫ চনৰ আজিৰ দিনটোতেই পেৰিছত মিটাৰ বিষয়ক চুক্তি Treaty of Metre স্বাক্ষৰিত। এই চুক্তি অনুসৰি প্ৰতিষ্ঠা হয় আন্তৰ্জাতিক ওজন আৰু জোখ-মাখ ব্যুৰো (International Bureau of Weights and Measures)।এই প্ৰতিষ্ঠানেই আন্তৰ্জাতিক বিভিন্ন এককৰ সংজ্ঞা নিৰূপন কৰে।
▶️১৮৮২ চনৰ আজিৰ দিনটোতেই নৰৱেৰ নোবেল জয়ী মহিলা ঔপন্যাসিক ছিগ্ৰিড উণ্ডছেটৰ জন্ম হৈছিল। তেওঁ ১৯২৮ চনত সাহিত্যৰ নোবেল বঁটা লাভ কৰিছিল।
▶️১৯০০ চনৰ আজিৰ দিনটোতেই পেৰিছত দ্বিতীয় আধুনিক অলিম্পিক ক্ৰীড়া সমাৰোহ আৰম্ভ। ২২ খন দেশে অংশগ্ৰহণ কৰা এই অলিম্পিকত ১৭টা ক্ৰীড়া বিভাগ আছিল। এই অলিম্পিকতে ভাৰতৰ নৰ্মান প্ৰিটচাৰ্ডে ২০০ মিটাৰ দৌৰ আৰু ২০০ মিটাৰ হাৰ্ডলছত ৰূপৰ পদক লাভ কৰিছিল। অলিম্পিকত ভাৰতে লাভ কৰা এয়াই আছিল প্ৰথম পদক।অৱশ্যে তেতিয়াৰ অলিম্পিকৰ নিয়ম অনুসৰি প্ৰিটচাৰ্ডে এই ক্ৰীড়া সমাৰোহত ব্যক্তিগতভাৱেহে যোগদান কৰিছিল, ভাৰতীয় হিচাপে নহয়।
▶️১৯৪০ চনৰ এই দিনটোতেই ছুইডেনৰ নোবেল জয়ী প্ৰসিদ্ধ সাহিত্যিক কাৰ্ল গুস্তাফ ভাৰ্নাৰ ডন হেইডেনষ্টামৰ মৃত্যু ঘটিছিল। তেওঁ ১৯১৬ চনত সাহিত্যৰ নোবেল বঁটা লাভ কৰিছিল।
▶️১৯৫৪ চনৰ আজিৰ দিনটোতেই চিয়াং কাইশ্বেক ‘ৰিপাব্লিক অৱ চাইনা’ৰ (বৰ্তমান টাইৱান) ৰাষ্ট্ৰপ্ৰধান পদত অধিষ্ঠিত হৈছিল ।
▶️১৯৬৫ চনৰ আজিৰ দিনটোতেই মেজৰ এ এছ চিমা আৰু শ্বেৰ্পা নাৱাং গাম্বুৰ এভাৰেষ্ট বিজয়।গাম্বু বিশ্বৰ প্ৰথম পৰ্বতাৰোহী, যি দুবাৰকৈ এভাৰেষ্ট আৰোহণ কৰিছিল। ইয়াৰ পূৰ্বে ১৯৬৩ চনৰ ১ মে’ত তেওঁ এভাৰেষ্টত আৰোহন কৰিছিল।
▶️১৯৯২ চনৰ আজিৰ দিনটোতেই ভাৰতৰ শ্ৰীহৰিকোটাৰ পৰা ASLV-D3ৰ সফল উৎক্ষেপণ।
▶️২০০২ চনৰ আজিৰ দিনটোতেই পূৱ টিমোৰৰ স্বাধীনতা লাভ।।
Sign in
Sign in
Recover your password.
A password will be e-mailed to you.
আজি ২০ মে’
You're visiting the official website of NEBharat24. NEBharat24 is a digital media platform based Guwahati, Assam that brings you latest updates from the entire North Eastern region of India along with various news from National and International scenario.
Prev Post
You might also like