দক্ষিণ আফ্ৰিকাত ইন্ধন টেংকাৰত ভয়ংকৰ বিস্ফোৰণ!

ইণ্টাৰনেচনেল ডেস্ক:

দক্ষিণ আফ্ৰিকাত তৰল পেট্ৰলিয়াম গেছ কঢ়িয়াই অনা ইন্ধন টেংকাৰত ভয়ংকৰ বিস্ফোৰণ। ঘটনাটো সংঘটিত হয় জোহান্সবাৰ্গৰ পূব দিশৰ এখন চহৰ বক্সবাৰ্গৰ টাম্বো মেম’ৰিয়েল হাস্পতালৰ সমীপত। ইন্ধন টেংকাৰত বিস্ফোৰণৰ ফলত ১০ জন লোকৰ মৃত্যু হোৱাৰ বিপৰীতে আহত হয় ৪০ জন । বক্সবাৰ্গ চহৰৰ এখন চাপৰ দলঙৰ তলত খুন্দা লগাৰ ফলত টেংকাৰখন বিষ্ফোৰণ হোৱাৰ সন্দেহ। বিস্ফোৰণৰ পিছতে টাম্বো মেম’ৰিয়েল হাস্পতালৰ চালৰ এটা অংশ ভাঙি পৰে। হাস্পতালৰ ৰোগীসকলক ততাতৈয়াকৈ সুৰক্ষিত ঠাইলৈ স্থানান্তৰিত কৰা হয়।।

You might also like
Leave A Reply

Your email address will not be published.