▶️আজি অসম সাহিত্য সভাৰ প্ৰতিষ্ঠা দিৱস।
▶️১৫৩০ চনৰ এই দিনটোতেই ভাৰতত মোগল সাম্ৰাজ্যৰ প্ৰতিষ্ঠাতা বাবৰৰ মৃত্যু হৈছিল।
▶️১৮৯৩ চনৰ আজিৰ দিনটোতেই চীনৰ মুক্তি আন্দোলনৰ নেতা মাও-চে-তুঙৰ জন্ম হৈছিল।
▶️১৯১৭ চনৰ আজিৰ দিনটোতেই অসম সাহিত্য সভাৰ জন্ম। আদিতে ইয়াৰ নাম আছিল ‘সদৌ অসম সাহিত্য সন্মিলনী’।১৯২৪ চনৰ ৫ মে’ত ই ‘আসাম সাহিত্য সভা’ হিচাপে পঞ্জীভুক্ত হয় আৰু ১৯৪৪ চনত সভাৰ নাম ‘অসম সাহিত্য সভা’ কৰা হয়।সভাৰ প্ৰথম সভাপতি আছিল পদ্মনাথ গোহাঞিবৰুৱা।
▶️১৯৭৬ চনৰ এই দিনটোতেই সদৌ অসম নেপালী ছাত্ৰ সন্থাৰ জন্ম হৈছিল। সন্থাৰ প্ৰথম সভাপতি আৰু সম্পাদক আছিল ক্ৰমে হৰ্ষ বাহাদুৰ চেত্ৰী আৰু বিনোদ খানাল।২০০২ চনত তেজপুৰত বহা অধিৱেশনত সংগঠনটোৰ নাম সলনি কৰি ‘সদৌ অসম গোৰ্খা ছাত্ৰ সন্থা’ ৰখা হয়।
▶️১৯৯৯ চনৰ আজিৰ দিনটোতেই ভাৰতৰ নৱম ৰাষ্ট্ৰপতি শংকৰ দয়াল শৰ্মাৰ মৃত্যু হৈছিল।
▶️২০০৪ চনৰ আজিৰ দিনটোতেই ইণ্ডোনেছিয়াৰ উত্তৰৰ (সুমাত্ৰা) সমুদ্ৰতলীত সংঘটিত এক প্ৰৱল ভূমিকম্পত সাগৰত সৃষ্টি হোৱা ছুনামিৰ ফলত ইণ্ডোনেছিয়া,থাইলেণ্ড,মালয়েছিয়া,ম্যানমাৰ,ভাৰতৰ উপকূল অঞ্চল,শ্ৰীলংকা আৰু মালদ্বীপৰ বিস্তৰ ক্ষতিসাধন। প্ৰায় ১ লাখ ৮০ হেজাৰ লোকৰ মৃত্যু হৈছিল।।
Sign in
Sign in
Recover your password.
A password will be e-mailed to you.
আজি ২৬ ডিচেম্বৰ
You're visiting the official website of NEBharat24. NEBharat24 is a digital media platform based Guwahati, Assam that brings you latest updates from the entire North Eastern region of India along with various news from National and International scenario.
Next Post
You might also like