বৰদিনৰ প্ৰাকক্ষণত শীতকালীন ঠাণ্ডা ধুমুহাৰ কৱলত আমেৰিকা!

ইণ্টাৰনেচনেল ডেস্ক:

বৰদিনৰ প্ৰাকক্ষণত শীতকালীন ঠাণ্ডা ধুমুহাৰ কৱলত আমেৰিকা। শীতকালীন ঠাণ্ডা ধুমুহাৰ ফলত মৃত্যু কমেও ১৮ জন লোকৰ। লাখ লাখ ঘৰ আৰু ব্যৱসায়িক প্ৰতিষ্ঠানত ব্যাহত বিদ্যুৎ যোগান ব্যৱস্থা। বৰদিনৰ পূৰ্বে ব্লেকআউট হোৱাৰ সম্ভাৱনাক লৈ ক্ষোভিত ভুক্তভোগী নাগৰিক। ধুমুহাত বিধ্বস্ত নিউয়ৰ্কৰ বাফেলো চহৰ। জৰুৰীকালীন সঁহাৰিৰ প্ৰচেষ্টা অচল হৈ পৰাৰ লগতে চহৰখনৰ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ বন্ধ হৈ পৰে।

সমগ্ৰ আমেৰিকাত মৃত্যুৰ কাৰণ ধুমুহা, গাড়ী দুৰ্ঘটনা, গছ ভাঙি পৰা বুলি সদৰি কৰে বিভাগীয় কতৃপক্ষই। অন্ধকাৰময় তুষাৰপাত, বৰষুণ আৰু প্ৰচণ্ড ঠাণ্ডাৰ প্ৰভাৱত মেইনৰ পৰা ছিয়াটললৈকে বিদ্যুৎ যোগান ব্যাহত হয়।।

You might also like
Leave A Reply

Your email address will not be published.