ছত্তীশগড় আৰু মহাৰাষ্ট্ৰৰ সীমান্তৰ জংঘলত ভয়ংকৰ এনকাউণ্টাৰ। মহাৰাষ্ট্ৰৰ গাডচিৰোলি আৰক্ষী আৰু ছত্তীশগড়ৰ বিজাপুৰ আৰক্ষীৰ যৌথ অভিযানত আজি পুৱা সংঘটিত হোৱা মুখামুখি সংঘৰ্ষত মহিলাসহ দুটা দুধৰ্ষ নক্সালবাদী নিহত । গাডচিৰোলি আৰক্ষীৰ চি-৬০ ইউনিট আৰু বিজাপুৰ আৰক্ষীৰ ডি আৰ জিৰ জোৱানসকলে দমৰাঞ্চা বনাঞ্চলত টহল দি থকা অৱস্থাত ধাৰাসাৰ গুলীচালনা কৰে নক্সালবাদীয়ে। প্ৰত্যুত্তৰত নিৰাপত্তাৰক্ষীয়ে অটোমেটিক ৰাইফলেৰে নক্সালবাদীৰ ওপৰত গুলিবৰ্ষণ কৰে । পিছত এনকাউণ্টাৰ স্থলীত উদ্ধাৰ হয় মহিলাসহ দুটাকৈ মৃতদেহ । বাকী নক্সালবাদীসকল ঘটনাস্থলীৰ পৰা জংগললৈ পলায়ন কৰে বুলি আৰক্ষী সূত্ৰে প্ৰকাশ। আনহাতে, অধিক নক্সালবাদীৰ মৃত্যুৰ আশংকা কৰি দমৰাঞ্চা বনাঞ্চলত তালাচী অভিযান অব্যাহত ৰাখিছে বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে।।
