অসমৰ ক্ৰীড়া জগতলৈ দু:খৱৰ। সুদক্ষ ক্ৰিকেটাৰ, প্ৰাক্তন ৰঞ্জী ট্ৰফী খেলুৱৈ নগাঁৱৰ কৌস্তুভ কাশ্যপ বৰুৱা(পৃথু) মৃত্যু ৷ গুৱাহাটীৰ এখন ব্যক্তিগত চিকিৎসালয়ত শেষ নিশ্বাস ত্যাগ কৰে প্ৰাক্তন ৰঞ্জী খেলুৱৈ গৰাকীয়ে।দীৰ্ঘদিন ধৰি দুৰাৰোগ্য ৰোগত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছিল ক্ৰিকেটাৰ গৰাকী। প্ৰখ্যাত চিত্ৰশিল্পী প্ৰয়াত প্ৰণৱ বৰুৱাৰ পুত্ৰ আছিল মৃত কৌস্তুভ কাশ্যপ বৰুৱা(পৃথু) ৷
সুদক্ষ ক্ৰিকেটাৰ গৰাকীৰ মৃত্যুত শোকৰ ছাঁ পৰিছে নগাঁৱত। প্ৰাক্তন খেলুৱৈ গৰাকীৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মাই।।
