আজি ২৪ ডিচেম্বৰ

▶️১৫২৪ চনৰ এই দিনটোতেই ভাৰতৰ কোচিনত ভাস্কো-ডা-গামাৰ মৃত্যু হৈছিল।
▶️১৮১৮ চনৰ এই দিনটোতেই ইংৰাজ পদাৰ্থবিদ জেমছ প্ৰেছকট জুলৰ জন্ম হৈছিল।
▶️১৯০৬ চনৰ এই দিনটোতেই আমেৰিকাত ৰেডিঅ’যোগে প্ৰথম অনুষ্ঠান প্ৰচাৰ আৰম্ভ হৈছিল।
▶️১৯২৪ চনৰ এই দিনটোতেই প্ৰসিদ্ধ কন্ঠশিল্পী মহম্মদ ৰফিৰ জন্ম হৈছিল।
▶️১৯৪৬ চনৰ আজিৰ দিনটোতেই এন্দ্ৰু গৌৰলে ক্লল দ্বিতীয়বাৰলৈ অসমৰ ৰাজ্যপাল হৈছিল। ১৯৪৭ চনৰ ২৩ ডিচেম্বৰলৈকে তেওঁ ৰাজ্যপাল ৰূপে কাৰ্যনিৰ্বাহ কৰিছিল।
▶️১৯৭৭ চনৰ এই দিনটোতেই কবি নলিনীবালা দেৱীৰ মৃত্যু হৈছিল।
▶️১৯৮৫ চনৰ আজিৰ দিনটোতেই গুৱাহাটীৰ নেহৰু ষ্টেডিয়ামত হাজাৰ হাজাৰ লোকৰ সন্মুখত প্ৰফুল্ল কুমাৰ মহন্তৰ নেতৃত্বত অসম গণ পৰিষদ চৰকাৰৰ শপতগ্ৰহণ। মুখ্যমন্ত্ৰীৰ পদত অধিষ্ঠিত হৈছিল প্ৰফুল্ল কুমাৰ মহন্ত। ১৯৯০ চনৰ ২৭ নৱেম্বৰলৈকে অগপ চৰকাৰৰ প্ৰথমটো কাৰ্যকাল চলে।
▶️২০০০ চনৰ আজিৰ দিনটোতেই বিশ্বনাথ আনন্দৰ বিশ্ব দবা চেম্পিয়নশ্বিপৰ খিতাপ অৰ্জন।
▶️২০০১ চনৰ আজিৰ দিনটোতেই অসমৰ খনিন শইকীয়াৰ ১৯ বছৰ অনুৰ্ধ বিশ্বকাপ ক্ৰিকেট দলত স্থান লাভ।।

 

You might also like
Leave A Reply

Your email address will not be published.