উত্তৰ ছিকিমৰ জেমাত শোকাৱহ পথ দুৰ্ঘটনা!

নেচনেল ডেস্ক:

ছিকিমত সংঘটিত হৈছে শোকাৱহ পথ দুৰ্ঘটনা।শুকুৰবাৰে উত্তৰ ছিকিমৰ জেমাত সংঘটিত হৈছে এই পথ দুৰ্ঘটনা। দুৰ্ঘটনাত তিনিজন কনিষ্ঠ কমিচনেড অফিচাৰ (জেচিঅ’)কে ধৰি নিহত হয় মুঠ ষোল্লজন সেনা জোৱান। আনহাতে, আহত চাৰি সৈনিকক বিমানেৰে চিকিৎসালয়লৈ প্ৰেৰণ কৰে। ছিকিমৰ চাটেনৰ পৰা থাংগু অভিমুখে গৈ থকা অৱস্থাত দুৰ্ঘটনাগ্ৰস্ত হয় সেনাবাহিনীৰ গাড়ীখন। উল্লেখ্য যে, তিনিখন বাহনৰ কনভয়ৰ অংশ আছিল দুৰ্ঘটনাগ্ৰস্ত বাহনখন।।

You might also like
Leave A Reply

Your email address will not be published.