নেচেনেল ডেস্ক :
ছত্তীশগড়ৰ কোৰবাত ভয়ংকৰ পথ দুৰ্ঘটনা ।
দুৰ্ঘটনাত পত্নী-দুই সন্তানসহ নিহত আৰক্ষী বিষয়া।
বুধবাৰে পুৱা প্ৰায় ৪ বজাত কোৰবা জিলাৰ ১৩০ নং ৰাষ্ট্ৰীয় ঘাইপথৰ মদনপুৰ বাধাৰ সমীপত এখন চাৰিচকীয়া বাহন আৰু ট্ৰাকৰ মাজত হোৱা সংঘৰ্ষৰ ফলত এই ভয়ংকৰ পথ দুৰ্ঘটনাটো সংঘটিত হয় ।দুৰ্ঘটনাত আৰক্ষী বিষয়া মনোজ কুমাৰ তিৰ্কেৰ লগতে তেওঁৰ পত্নী আৰু দুটা সন্তান থিতাতে নিহত হয় ।
জানিব পৰা মতে, অম্বিকাপুৰৰ নিবাসী মনোজ কুমাৰ তিৰ্কে আজি পুৱতি নিশা পত্নী আৰু দুটা সন্তানৰ সৈতে বিলাসপুৰলৈ গৈ আছিল ।
কোৰবা আৰক্ষীয়ে দুৰ্ঘটনা সংঘটিত কৰা ট্ৰাকখন জব্দ কৰি চালকজনক বিচাৰি অভিযান অব্যাহত ৰাখিছে ।