আজি ১১ মে’

▶️আজি ৰাষ্ট্ৰীয় প্ৰযুক্তি দিৱস।
▶️১৩৩০ চনৰ আজিৰ দিনটোতেই কনষ্টান্টিনোপল (ইস্তানবুল)ক ৰোমান সাম্ৰাজ্যৰ ৰাজধানী ঘোষণা।
▶️১৮৫৭ চনৰ আজিৰ দিনটোতেই দিল্লীত চিপাহী বিদ্ৰোহৰ সূত্ৰপাত। ক্ৰমশঃ ই সৰ্বত্ৰে বিয়পি পৰে।
▶️১৯০৪ চনৰ আজিৰ দিনটোতেই স্পেইনৰ চিত্ৰকৰ ছালভাদৰ ডালিৰ জন্ম হৈছিল।
▶️১৯২৩ চনৰ এই দিনটোতেই আমেৰিকান সাহিত্যিক ৰবাৰ্ট ফ্ৰষ্টলৈ তেওঁৰ ‘নিউ হাম্পশ্বায়াৰ’ শীৰ্ষক কাব্য গ্ৰন্থৰ বাবে পুলিৎজাৰ বঁটা।
▶️১৯৫১ চনৰ আজিৰ দিনটোতেই গুজৰাটত তদানীন্তন ৰাষ্ট্ৰপতি ৰাজেন্দ্ৰ প্ৰসাদৰ দ্বাৰা নতুন সোমনাথ মন্দিৰ মুকলি।
▶️১৯৬৩ চনৰ আজিৰ দিনটোতেই মাৰ্কিন শৰীৰতত্ববিদ,বিজ্ঞানী হাৰ্বাট স্পেন্সাৰ গাছাৰৰ মৃত্যু ঘটিছিল। তেওঁ ১৯৪৪ চনত চিকিৎসা বিজ্ঞানৰ নোবেল বঁটা লাভ কৰিছিল।
▶️১৯৮৭ চনৰ এই দিনটোতেই কোৰহন একুইনো ফিলিপাইনৰ ৰাষ্ট্ৰপতি ৰূপে নিৰ্বাচিত হৈছিল।
▶️১৯৯৮ চনৰ আজিৰ দিনটোতেই ৰাজস্থানৰ পোখৰানত ভাৰতৰ পৰীক্ষামূলক পাৰমাণৱিক বোমা বিস্ফোৰণ।সমগ্ৰ বিশ্বতে ভাৰতক সমালোচনা।আমেৰিকাৰ অৰ্থনৈতিক অৱৰোধ ঘোষণা।
▶️১৯৯৯ চনৰ আজিৰ দিনটোতেই ৰাজীৱ গান্ধী হত্যা গোচৰত অভিযুক্ত চাৰিজনক মৃত্যুদণ্ড।
▶️২০০৪ চনৰ আজিৰ দিনটোতেই ‘চাহেবপুৰাৰ বৰষুণ’ৰ বাবে অনুৰাধা শৰ্মা পূজাৰীলৈ ২০০৩ বৰ্ষৰ অসম সাহিত্য সভাৰ কুমাৰ কিশোৰ সোঁৱৰণি বঁটা।
▶️২০০৬ চনৰ আজিৰ দিনটোতেই অষ্টাদশ অসম বিধানসভা নিৰ্বাচনৰ ফলাফল ঘোষণা।কংগ্ৰেছৰ পুনৰ ক্ষমতা দখল।।

 

You might also like
Leave A Reply

Your email address will not be published.