নেচনেল ডেস্ক :

ঞ্জাৱৰ অমৃতসৰৰ স্বৰ্ণ মন্দিৰৰ সমীপত পুনৰ আন এক বিস্ফোৰণ৷ বিগত পাঁচটা দিনত ৩টাকৈ বিস্ফোৰণ সংঘটিত হয় অমৃতসৰৰ স্বৰ্ণ মন্দিৰত৷ বৃহস্পতিবাৰে পুৱতি নিশা প্ৰায় ১ বজাত সংঘটিত হয় তৃতীয়টো বিস্ফোৰণৰ ঘটনা। শ্ৰী হৰিমন্দৰ চৰায়ৰ বাহিৰৰ শ্ৰীগুৰু ৰামদাস সৰাৰ কাষৰ কৰিডৰৰ সমীপত সংঘটিত হয় এই বিস্ফোৰণটো। মাজনিশা সংঘটিত হোৱা এই বিস্ফোৰণত সৃষ্টি হয় এক আতংকময় পৰিস্থিতিৰ । বিস্ফোৰণ সংঘটিত হোৱা স্থানত ততাতৈয়াকৈ আৰক্ষী উপস্থিত হৈ নিয়ন্ত্ৰণ কৰে সামগ্ৰিক পৰিস্থিতি।

ইতিমধ্যে , ঘটনা সংক্ৰান্তত শ্ৰীহৰিমন্দৰ চৰায়ৰ ২২৫ নং কোঠাৰ পৰা পঞ্জাৱ আৰক্ষীয়ে এজন যুৱক আৰু এগৰাকী যুৱতীক সোধ-পোচৰ বাবে আটক কৰে। আটকাধীন যুৱক-যুৱতীৰ পৰা বোমা প্ৰস্তুত কৰা কিছু সামগ্ৰীও জব্দ কৰিবলৈ সক্ষম হয় আৰক্ষীয়ে। জানিব পৰা পৰা মতে, বিস্ফোৰণ স্থলীৰ পৰা পঞ্জাৱ আৰক্ষীয়ে এখন চিঠিও উদ্ধাৰ কৰি প্ৰতিটো দিশ তন্নতন্নকৈ পৰীক্ষা কৰি আছে বুলি জানিব পৰা গৈছে ।

You might also like
Leave A Reply

Your email address will not be published.