নেচনেল ডেস্ক:
এক মৰ্মান্তিক ঘটনা ৷ ঘৰৰ নিচেই সমীপৰ ৰে’লৱে ট্ৰেকত তীব্ৰবেগী ৰে’লৰ খুন্দাত মৃত্যু ঘটিল এটি দুবছৰীয়া কণমানি শিশুৰ।
এই শোকাবহ দুৰ্ঘটনাটো সংঘটিত হৈছে কেৰালাৰ কান্নামমুডুৰত ।
নিহত কণমানিটি এ কে জি ভৱনৰ নিৱাসী আব্দুল আজিজ আৰু ইছুজীৰ কন্যা ছুহৰিন বুলি জানিব পৰা গৈছে।
প্ৰাপ্ত তথ্য অনুসৰি ঘৰৰ চোতালত ভাতৃ-ভগ্নীৰ সৈতে খেলি থকা অৱস্থাতে দুবছৰীয়া কণমানি ছুহৰিনে ঘৰৰ বন্ধ গেটৰ তলেৰে সৰকি নিচেই সমীপতে থকা ৰে’লৱে ট্ৰেকত উপস্থিত হওঁতেই এখন দ্ৰুতবেগী ৰে’লৰ খুন্দাত থিতাতে প্ৰাণ হেৰুৱায়।
পৰিয়ালৰ দায়িত্বহীনতাৰ বাবে শিশুটিৰ এনে কৰুণ মৃত্যুৱে মৰ্মাহত কৰিছে সমগ্ৰ অঞ্চলবাসীক।।