নগাঁৱত আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান!

ব্যুৰ’ ৰিপ’ৰ্ট

সমগ্ৰ ৰাজ্যৰ লগতে নগাঁৱতো অব্যাহত আছে আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান।মঙল বাৰে সন্ধিয়া আনুমানিক ৬ মান বজাত গোপন সূত্ৰৰ পম খেদি নগাঁৱৰ বেবেজীয়া আৰক্ষীৰ এটা দলে বেবেজীয়া-কুৰুৱাবাহী সংযোগী পথত অভিযান চলাই আটক কৰে ৰাকেশ বনিয়া নামৰ আনুমানিক ২৫ বছৰীয়া এজন সন্দেহযুক্ত সৰবৰাহকাৰীক । ধৃত সৰবৰাহকাৰীটোৰ পৰা লক্ষাধিক টকাৰ ড্ৰাগছ জব্দ কৰাৰ লগতে নগদ ১,৬৫০ টকা উদ্ধাৰ কৰে আৰক্ষীয়ে। আটকাধীন সৰবৰাহকাৰীটোৰ ঘৰ নগাঁৱৰ টোকোলাই বেবেজীয়া বুলি জানিব পৰা গৈছে। সম্প্ৰতি আৰক্ষীয়ে অধিক তথ্যৰ বাবে সোধপোচ অব্যাহত ৰাখিছে।।

You might also like
Leave A Reply

Your email address will not be published.