ফাৰ্মাচিউটিকেল ফাৰ্মাত ভয়ংকৰ অগ্নিকাণ্ড!

অন্ধ্ৰ প্ৰদেশৰ অনকাপলে জিলাৰ জৱাহৰলাল নেহৰু ফাৰ্মা চিটিস্থিত এটা ফাৰ্মাচিউটিকেল ফাৰ্মাত ভয়ংকৰ অগ্নিকাণ্ড। অগ্নিকাণ্ডৰ ফলত চাৰিজন শ্ৰমিকৰ মৃত্যু হোৱাৰ লগতে গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় আন এজন । সোমবাৰে নিশা ল’ৰাছ লেবছ লিমিটেডৰ তৃতীয় ইউনিটত সংঘটিত হয় এই অগ্নিকাণ্ড। মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে কিং জৰ্জ চৰকাৰী চিকিৎসালয়ৰ মৰ্গলৈ প্ৰেৰণ কৰাৰ বিপৰীতে আহত লোকজনক ব্যক্তিগত চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়। ঔদ্যোগিক ৰাসায়নিক দ্ৰব্য টলুইন লিক হোৱাৰ ফলতে অগ্নিকাণ্ডটো সংঘটিত হোৱা বুলি চৰকাৰী সূত্ৰত প্ৰকাশ।

ইফালে শ্ৰমিকসকলে কাৰখানাটো চাফা কৰি থকাৰ সময়ত বিদ্যুতৰ শ্বৰ্ট চাৰ্কিটৰ বাবেই এই অগ্নিকাণ্ড সংঘটিত হোৱা বুলি দাবী কৰে ঔদ্যোগিক চহৰখনৰ ট্ৰেড ইউনিয়নৰ নেতাসকলে। জে এন ফাৰ্মা চিটিৰ বিভিন্ন ঔষধ প্ৰতিষ্ঠানৰ পৰিচালনা সমিতিয়ে দীৰ্ঘদিন ধৰি সুৰক্ষাৰ নীতি-নিয়মক আওকাণ কৰি অহা বুলিও অভিযোগ কৰে ট্ৰেড ইউনিয়নৰ নেতাসকলে।।

You might also like
Leave A Reply

Your email address will not be published.