ইণ্টাৰনেচনেল ডেস্ক:
নাইজেৰিয়াত অচিনাক্ত বন্দুকধাৰীৰ বৰ্বৰ আক্ৰমণ! উত্তৰ-মধ্য নাইজেৰিয়াৰ দুৰ্গম বেনুৱে ৰাজ্যৰ উকুম জিলাৰ আকপুনা গাঁৱত সংঘটিত হয় এই ভয়ংকৰ ঘটনা।বন্দুকধাৰীৰ ধাৰাসাৰ গুলিবৰ্ষণত থিতাতে নিহত ২৪ গৰাকী লোক। আনহাতে নিৰ্বিচাৰ গুলিচালনাত আহত হয় একাধিক লোক।দেশখনৰ উত্তৰ-পশ্চিম আৰু মধ্য অঞ্চলৰ কুখ্যাত সশস্ত্ৰ গোট মিলিচিয়া গেঙে এই ঘটনাটো সংঘটিত কৰা বুলি দাবী কৰে ৰাজ্যখনৰ গৱৰ্ণৰৰ মুখপাত্ৰই।
উল্লেখ্য যে, অকল চলিত বৰ্ষতে বেনুৱেত হিংসাত্মক ঘটনাত মৃত্যু হৈছে শতাধিক লোকৰ।।