নৰ্থ-ইষ্ট ডেস্ক:
নিচাজাতীয় সামগ্ৰীৰ বিৰুদ্ধে ত্ৰিপুৰা আৰক্ষীৰ বৃহৎ সফল অভিযান। তিনিটা সৰবৰাহকাৰীসহ আটক দহ কোটি টকা মূল্যৰ হেৰ’ইন।
খবৰ মতে, উত্তৰ ত্ৰিপুৰা জিলাৰ চুৰাইবাৰীত সোমবাৰে ত্ৰিপুৰা আৰক্ষীয়ে ১.৩ কেজি হেৰ’ইন জব্দ কৰাৰ লগতে গ্ৰেপ্তাৰ কৰে তিনিটা সৰবৰাহকাৰী। আৰক্ষীয়ে জনোৱা মতে, এক গোপন সূত্ৰৰ পম খেদি চুৰাইবাৰী তালাচী চকীৰ নাকা পইণ্টত এম এন ০১ এ কে ৩১৩৯ নম্বৰৰ এখন বাহনত পুংখানুপুংখ তালাচী চলোৱাত এশটা চাবোনৰ বাকচৰ ভিতৰত লুকুৱাই থোৱা মুঠ ১ কিলোগ্ৰাম আৰু ৩০০ গ্ৰাম হেৰ’ইন উদ্ধাৰ কৰে আৰক্ষীয়ে। ধৃত তিনি সৰবৰাহকাৰী আব্দুল আলী, সমৰ কৃষ্ণ দাস আৰু প্ৰসেনজিৎ দাস বুলি চিনাক্ত কৰা হৈছে। জব্দকৃত হেৰ’ইনখিনিৰ মূল্য ১০ কোটি টকা বুলি জানিব পৰা গৈছে।
ধৃত সৰবৰাহকাৰীকেইটাৰ বিৰুদ্ধে নাৰ্কটিক ড্ৰাগছ এণ্ড চাইকোট্ৰপিক ছাবষ্টেন্স (এনডিপিএছ) আইনৰ অধীনত ৰুজু কৰা হৈছে গোচৰ।।