আজি ২২ আগষ্ট

▶️১৬০২ চনৰ আজিৰ দিনটোতেই মোগল যুগৰ প্ৰসিদ্ধ ইতিহাসবিদ তথা সম্ৰাট আকবৰৰ মন্ত্ৰী আবুল ফজলৰ আততায়ীৰ হাতত মৃত্যুবৰণ।
▶️১৮১৮ চনৰ এই দিনটোতেই ভাৰতৰ প্ৰথম গৱৰ্ণৰ জেনেৰেল ৱাৰেণ হেষ্টিংছৰ মৃত্যু।
▶️১৯২২ চনৰ আজিৰ দিনটোতেই সাংবাদিক কীৰ্তিনাথ হাজৰিকাৰ জন্ম হৈছিল।
▶️১৯২৯ চনৰ আজিৰ দিনটোতেই কবি-সাহিত্যিক মহেন্দ্ৰ বৰাৰ জন্ম।
▶️১৯৭৯ চনৰ এই দিনটোতেই ভাৰতীয় সংসদীয় ইতিহাসত প্ৰথমবাৰৰ বাবে কোনো দলে সুস্থিৰ চৰকাৰ গঠন কৰিব নোৱাৰাত তদানীন্তন ৰাষ্ট্ৰপতি নীলম সঞ্জীৱ ৰেড্ডীৰ লোকসভা ভংগৰ নিৰ্দেশ।
▶️১৯৪২ চনৰ আজিৰ দিনটোতেই জাৰ্মান সেনাৰ ৰাছিয়াৰ ষ্টেলিনগ্ৰেড অৱৰোধ।
▶️১৯৯১ চনৰ আজিৰ দিনটোতেই ৰাছিয়াৰ জাতীয় পতাকাৰ পৰা কাচি-হাতুৰী চিহ্ন ৰাষ্ট্ৰপতি বৰিছ য়েল্টছিনৰ দ্বাৰা প্ৰত্যাহাৰ।
▶️১৯৯৮ চনৰ আজিৰ দিনটোতেই লালুপ্ৰসাদ যাদৱ আৰু বিহাৰৰ তদানীন্তন মুখ্যমন্ত্ৰী ৰাবৰী দেৱীৰ বাসগৃহত চিবিআইৰ খানা তালাচী,ৰাজ্যজুৰি প্ৰতিক্ৰিয়া।
▶️২০০২ চনৰ এই দিনটোতেই ভাৰতীয় ক্ৰিকেট কিংবদন্তি শচীন তেণ্ডুলকাৰৰ ৯৯ সংখ্যক মেচত টেষ্ট ক্ৰিকেটত ৩০ সংখ্যক শতক অৰ্জন কৰি ডন ব্ৰেডমেনৰ ৰেকৰ্ড ভংগ।
▶️২০০২ চনৰ আজিৰ দিনটোতেই নেপালৰ উত্তৰ অঞ্চলত ব্যাপক ভূমিস্খলনত ৮০ৰো অধিক লোকৰ প্ৰাণহানি।
▶️২০০২ চনৰ এই দিনটোতেই পুনৰ পাঁচ বছৰৰ বাবে পাকিস্তানৰ ৰাষ্ট্ৰপতি তথা সেনাপ্ৰধান ৰূপে নিজৰ কাৰ্যকাল সম্প্ৰসাৰণ পাৰভেজ মুছাৰফৰ।।

You might also like
Leave A Reply

Your email address will not be published.