টিটিপিৰ শীৰ্ষ কমাণ্ডাৰ ওমৰ খালিদ খোৰাছানীসহ আন তিনিটা দুৰ্ধৰ্ষ উগ্ৰপন্থী

পূব আফগানিস্তানৰ পাক্তিকা প্ৰদেশত সংঘটিত হয় এই ঘটনা

ইণ্টাৰনেচনেল ডেস্ক:

ফগানিস্তানত ৰহস্যজনক বিস্ফোৰণত নিহত তেহৰিক-ই-তালিবান পাকিস্তানৰ শীৰ্ষ কমাণ্ডাৰ ওমৰ খালিদ খোৰাছানীসহ আন তিনিটা দুৰ্ধৰ্ষ উগ্ৰপন্থী। পূব আফগানিস্তানৰ পাক্তিকা প্ৰদেশত সংঘটিত হয় এই বিস্ফোৰণ। স্থানীয় সূত্ৰ মতে, দেওবাৰে খোৰাছানীকে ধৰি উগ্ৰপন্থী সংগঠনটোৰ জ্যেষ্ঠ কমাণ্ডাৰসকলক কঢ়িয়াই নিয়া বাহনখনত হোৱা ৰহস্যজনক বিস্ফোৰণৰ ফলত মৃত্যু হয় টিটিপিৰ উগ্ৰপন্থীকেইটাৰ। প্রদেশখনৰ বিৰমল জিলাত এখন বৈঠকৰ বাবে গৈ থকা অৱস্থাত সংঘটিত হয় এই ঘটনা। বিস্ফোৰণত নিহত টিটিপিৰ আন কমাণ্ডাৰকেইটা আব্দুল ৱালি মহমণ্ড, মুফতি হাছান, হাফিজ দৌলাত খান বূলি জানিব পৰা গৈছে।

মহমণ্ড জনজাতীয় জিলাৰ অন্তৰ্গত খোৰাছানীক টিটিপিৰ শীৰ্ষ সদস্য হিচাপে গণ্য কৰা হয়। মৃত খোৰাছানীৰ নামত এক কোটি টকাৰ বাউন্টি ঘোষণা কৰা আছিল।।

You might also like
Leave A Reply

Your email address will not be published.