নিৰ্বাচনৰ প্ৰাকক্ষণত কৰ্ণাটকত টকাৰ উজান!

 

নেচনেল ডেস্ক:

কাইলৈ কৰ্ণাটকৰ বিধানসভা নিৰ্বাচন। নিৰ্বাচনৰ প্ৰাকক্ষণত কৰ্ণাটকত উঠিছে টকাৰ উজান। নিৰ্বাচন উপলক্ষে বিভিন্ন স্থানত বিভিন্ন বিভাগে চলোৱা অভিযানত জব্দ কৰা হৈছে বৃহৎ পৰিমাণৰ নগদ ধনৰ লগতে সুৰা আৰু অবৈধ সামগ্ৰী। বাতৰি যুগুটোৱা পৰ্যন্ত অভিযানত জব্দ কৰা হৈছে ৩৭৫.৬০ কোটি টকা। লগতে জব্দ কৰা হৈছে ৮৩.৬৬ কোটি টকাৰ ২২.২৭ লাখ লিটাৰ সুৰা। ইয়াৰ উপৰিও ২৩.৬৬ কোটি টকাৰ ১,৯৫৪ কিলোগ্ৰাম ড্ৰাগছ আৰু ৯৬.৫৯ কোটি টকাৰ সোণ আৰু ৰূপো জব্দ কৰা হৈছে।

আৰক্ষীয়ে জনোৱা অনুসৰি, ৰাজ্যখনত ইণ্টেলিজেঞ্চ স্কোৱাড, ফিক্সড চাৰ্ভিলেঞ্চৰ দল আৰু আৰক্ষীয়ে নিৰ্বাচনৰ অবৈধ কাৰ্যকলাপ সম্পৰ্কীয় মুঠ ২,৮৯৬টা গোচৰ ৰুজু কৰিছে। নিৰ্বাচনৰ দিন ঘোষণা কৰাৰ পৰা মুঠ ৬৯,৮৬৫টা অস্ত্ৰ উদ্ধাৰ হৈছে। তাৰ ভিতৰত ১৮টা অস্ত্ৰ জব্দ কৰা হৈছে আৰু ২০টা অস্ত্ৰৰ অনুজ্ঞাপত্ৰ বাতিল কৰা হৈছে।।

You might also like
Leave A Reply

Your email address will not be published.