১৫ মে’ৰ পৰা পৰ্যটকৰ বাবে বন্ধ হ’ব মানাহ ৰাষ্ট্ৰীয় উদ্যান

 

নিউজ ডেস্ক :

দেশী-বিদেশী পৰ্যটকৰ বাবে বন্ধ হ’ব বিশ্বৰ ঐতিহ্য ক্ষেত্র মানাহ ৰাষ্ট্ৰীয় উদ্যান। ৰাষ্ট্ৰীয় উদ্যানখনত ১৫ মে’ৰ পৰা হাতী চাফাৰী, ৰিভাৰ ৰাফটিং আৰু ৫ জুনৰ পৰা জীপ চাফাৰী বন্ধ কৰা হ’ব। ৰাষ্ট্ৰীয় উদ্যানখনৰ ক্ষেত্র সঞ্চালক বৈভৱ চি মাথুৰে এক জাননী যোগে চলিত পৰ্যটন বৰ্ষৰ সমাপ্তিৰ কথা সদৰি কৰিছে।

প্ৰতি বছৰে এইখিনি সময়ত পৰ্যটকৰ বাবে বন্ধ কৰা হয় মানাহ ৰাষ্ট্ৰীয় উদ্যান । বাৰিষা অহাৰ ফলত বেঁকী নৈৰ পানী বঢ়া কমা হৈ থকাৰ বাবে পৰিৱেশ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি ১৫ মে’ৰ পৰা ৰিভাৰ ৰাফটিং বন্ধ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। লগতে হাতী চাফাৰী অসমত মে’ মাহ আৰম্ভ হোৱাৰ লগে লগেই বন্ধ হয়। বাৰিষাৰ সময়ত ৰাষ্ট্ৰীয় উদ্যানখনত ঘাঁহনি বেছি আৰু ৰাস্তা-ঘাটৰ কিছু সমস্যা হয় বাবে অন্য বছৰৰ দৰে এইবাৰো ৫ জুনৰ পৰা জীপ চাফাৰী বন্ধ কৰিব বুলি উল্লেখ কৰিছে কৰ্তৃপক্ষই।

উল্লেখ্য যে, প্ৰায় তিনিমাহৰ অন্তত পুনৰ পৰ্যটকৰ বাবে ৰাষ্ট্ৰীয় উদ্যানখন মুকলি কৰি দিয়াৰ কথাও মানাহ ব্যাঘ্ৰ প্ৰকল্পৰ ক্ষেত্ৰ সঞ্চালক বৈভৱ চি মাথুৰে জানিবলৈ দিছে।।

You might also like
Leave A Reply

Your email address will not be published.