নিউজ ডেস্ক :

মাজুলীৰ বিধায়ক ভুৱন গামৰ বাহন দুৰ্ঘটনাগ্ৰস্ত। শোণিতপুৰ জিলাৰ বালিপাৰা খনামুখত দুৰ্ঘটনাগ্ৰস্ত হয় বাহন খন।

লখিমপুৰৰ দিশৰ  পৰা তেজপুৰ দিশে নিজা বাহনেৰে আহি থকাৰ সময়ত সংঘটিত হয় এই ভয়ংকৰ পথ দুৰ্ঘটনাৰ।

সন্মুখৰ ফালৰ পৰা আহি থকা এখন বলেৰ’ বাহনে খুন্দা মাৰে বিধায়কজনৰ  AS 01 FF 1 200নম্বৰ কিয়া কাৰ্নিভেল বাহনখনত। দুৰ্ঘটনাগ্ৰস্ত বাহনখনত বিধায়ক ভুৱন গামৰ লগতে তেওঁৰ পত্নী আৰু ২ গৰাকী দেহৰক্ষী আছিল।

আনহাতে বলেৰ’ বাহনখনতো আছিল কেইবাজনো লোক। এই দুৰ্ঘটনাত  আহত হয় বিধায়কসহ তেওঁৰ বাহনত থকা আটাইকেইজন লোক।

সমান্তৰালকৈ আহত হৈছে বলেৰ’খনৰ যাত্ৰীসকলো। তীব্ৰ বেগী বলেৰ’খনে কিয়া কাৰ্নিভেলখনত খুন্দা মৰাৰ পাছতে পথৰ দাঁতিত বাগৰি পৰে। বলেৰ’খনৰ নম্বৰ AS12 Y 7289।

আহত সকলক তেজপুৰস্থিত টাইমছ হাস্পতালত ভৰ্তি কৰোৱা হয় ।

You might also like
Leave A Reply

Your email address will not be published.