পুনেত ৬ টা বেগত উদ্ধাৰ ৩ কোটি টকা!

এখন গাড়ীৰ পৰা উদ্ধাৰ হয় বৃহৎ পৰিমাণৰ নগদ ধনখিনি

নেচনেল ডেস্ক :

পুনেত ৬ টা বেগত উদ্ধাৰ ৩ কোটি টকা সহ এটা টকা গণনা কৰা মেচিন। পুনেৰ হাদাপছাৰ অঞ্চলৰ পুনে-সোলাপুৰ ঘাইপথৰ অংগুৰ গৱেষণা কেন্দ্ৰৰ সমীপত এখন গাড়ীৰ পৰা উদ্ধাৰ হয় বৃহৎ পৰিমাণৰ নগদ ধনখিনি। আৰক্ষীয়ে গাড়ী চালক প্ৰশান্ত ধনপাল গান্ধীক আটক কৰিবলৈ সক্ষম হয় ।

আৰক্ষীৰ তথ্য অনুসৰি, সোমবাৰে গভীৰ নিশা আৰক্ষীৰ এটা দলে হাদাপছাৰৰ পুনে-সোলাপুৰ ঘাইপথৰ আংগুৰ গৱেষণা কেন্দ্ৰৰ সমীপত বাহনসমূহৰ তালাচী চলাই থকাৰ সময়তে এখন ব্ৰিজা গাড়ীৰ পৰা মুঠ ৩ কোটি ৪২ লাখ ৬৬ হাজাৰ ২২০ টকা থকা ৬ টা বেগ উদ্ধাৰ কৰিবলৈ সক্ষম হয় । সম্প্ৰতি আয়কৰ বিভাগৰ দলে তদন্ত অব্যাহত ৰাখিছে।

অভিযুক্ত প্ৰশান্ত ধনপাল গান্ধীয়ে বৃহৎ পৰিমাণৰ ধন খিনি ক’ৰ পৰা আনিছিল আৰু ক’লৈ লৈ গৈ আছিল সেয়া তদন্তৰ পাছতহে পোহৰলৈ আহিব।।

You might also like
Leave A Reply

Your email address will not be published.